ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বি এছ এফ ইষ্টাৰ্ণ কমাণ্ডৰ অতিৰিক্ত মহাপৰিদৰ্শক মহেশ কুমাৰ আগৰৱালে মণিপুৰৰ সাম্প্ৰতিক নিৰাপত্তা পৰিস্থিতি পুনৰীক্ষণ

কলকাতাৰ বি এছ এফ ইষ্টাৰ্ণ কমাণ্ডৰ অতিৰিক্ত মহাপৰিদৰ্শক মহেশ কুমাৰ আগৰৱালে মণিপুৰৰ সাম্প্ৰতিক নিৰাপত্তা পৰিস্থিতি আৰু অশান্তজৰ্জৰ অঞ্চলত সীমান্ত সুৰক্ষা বাহিনীৰ প্ৰস্তুতি পুনৰীক্ষণ কৰাৰ অন্তত আজি কলকাতালৈ ৰাওনা হৈছে। মণিপুৰ ভ্ৰমণৰ প্ৰথম দিনা অতিৰিক্ত মহাপৰিদৰ্শকগৰাকীয়ে ৰাজ্যপাল অজয় কুমাৰ ভাল্লাক সাক্ষাৎ কৰে। পৰৱৰ্তী সময়ত তেওঁ ৰাজ্যৰ নিৰাপত্তা উপদেষ্টা কুলদীপ সিং আৰু আৰক্ষী সঞ্চালক প্ৰধান ৰাজীৱ সিঙৰ সৈতে বৈঠকত মিলিত হয়। তেওঁ থৌবাল জিলাৰ বি এছ এফৰ বিভিন্ন পহৰা চকী পৰিদৰ্শন কৰাৰ লগতে জোৱানসকলৰ সৈতে মত বিনিময় কৰে। অতিৰিক্ত মহাপৰিদৰ্শক শ্ৰীআগৰৱালে কালি বিষ্ণুপুৰ আৰু চুৰাচান্দপুৰৰ বি এছ এফৰ ঘাটি পৰিদৰ্শন কৰে।