দেশৰ কেইবাখনো ৰাজ্যত ভোটাৰ তালিকাৰ পুংখানুপুংখ সংশোধন চমুকৈ এছ আই আৰ আৰু মণিপুৰৰ জি এছ টি বিধেয়ককে ধৰি বিভিন্ন বিষয়ৰ প্ৰতিবাদত বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থূলীয়া পৰিৱেশৰ বাবে সংসদৰ শীতকালীন অধিবেশনৰ আজি প্ৰথম দিনৰ কামকাজ স্থগিত ৰাখিবলগীয়া হয়। দিনৰ ১১ বজাত লোকসভাৰ কাৰ্যক্ৰমণিকা আৰম্ভ হোৱাৰ পাছতে অধ্যক্ষ ওম বিৰলাই সদ্যপ্রয়াত অভিনেতা ধর্মেন্দ্ৰ, অৱসৰপ্ৰাপ্ত কর্ণেল সোণাৰাম চৌধাৰী, অধ্যাপক বিজয় কুমাৰ মালহোত্ৰা আৰু ৰবি নায়কলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। ইয়াৰ পাছতে প্রশ্নোত্তৰ কাল আৰম্ভ হোৱাৰ লগে লগে বিৰোধী দলৰ সদস্যসকলে এছ আই আৰ আৰু আন কেইবাটাও বিষয়ৰ প্ৰতিবাদত শ’গান দি হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে। তেওঁলোকে এই সম্পৰ্কত সদনত আলোচনাৰ বাবে দাবী জনায়। অধ্যক্ষ ওম বিলাই সদস্যসকলক সংযত হ’বলৈ আহ্বান জনাই যদিও বিৰোধী দলৰ সদস্যসকলে হুলস্থূলীয়া পৰিস্থিতি অব্যাহত ৰখাত লোকসভাৰ কাম-কাজ প্ৰথমে দিনৰ ১২ বজালৈ স্থগিত ৰাখিবলগীয়া হয়। ১২ বজাৰ পাছত সদন পুনৰ মিলিত হোৱাত বিৰোধী দলৰ সদস্যসকলে অনুৰূপ ধৰণে হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰাত সদন দুই বজালৈকে আৰু ইয়াৰ পাছত সদন দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়।
বিৰোধীৰ প্ৰতিবাদৰ মাজতে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে মণিপুৰ সামগ্ৰী আৰু সেৱা কৰ দ্বিতীয় সংশোধনী বিধেয়ক ২০২৫ আৰু কেন্দ্ৰীয় আবকাৰী সংশোধনী বিধেয়ক ২০২৫ উত্থাপন কৰে। এই আবকাৰী সংশোধনী বিধেয়কৰ জৰিয়তে ধপাতজাতীয় সামগ্ৰীৰ ওপৰত অধিক আবকাৰি শুল্ক আৰোপ কৰা হ’ব ।
ৰাজ্যসভাত আজি উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে দেশৰ উচ্চ সদনৰ সভাপতি ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে। সদনত আজি জম্মু-কাশ্মীৰ নেচনেল কনফাৰেন্সৰ গুৰবিন্দৰ সিং অবেৰয়, চৌধুৰী মহম্মদ ৰমজান আৰু চাজ্জাদ আহমেদ কিছলুৱে সাংসদ হিচাপে শপত গ্ৰহণ কৰে।