ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

December 6, 2024 2:45 PM | parliament

printer

বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থুলীয়া পৰিস্থিতিৰ বাবে লোকসভাৰ কাৰ্যক্ৰমণিকা আজি দিনটোৰ বাবে স্থগিত

বিজেপিৰ সাংসদ নিশিকান্ত ডুবেই ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ অন্য নেতাসকলৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগক লৈ বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থুলীয়া পৰিস্থিতিৰ বাবে লোকসভাৰ কাৰ্যক্ৰমণিকা আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। শূন্যকালত শ্ৰী ডুবেই আমেৰিকা যুক্তৰাষ্ট্ৰস্থিত এগৰাকী বিনিয়োগকাৰী, বিদেশী সংবাদ মঞ্চ আৰু কংগ্ৰেছে ভাৰতৰ সাফল্য গাঁথা বিঘ্নিত কৰাৰ চেষ্টা চলোৱা বুলি পুনৰায় অভিযোগ উত্থাপন কৰে। অধ্যক্ষই বিজেপি সাংসদসকলক বক্তব্য ৰখাৰ অনুমতি প্ৰদান কৰাত কংগ্ৰেছৰ নেতৃত্বত বিৰোধী দলসমূহে সদন উত্তাল কৰি তোলে। ফলত সদনৰ কামকাজ দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। ইয়াৰ পূৰ্বে পুৱাৰ ভাগত সদন মিলিত হোৱাৰ সময়ত কংগ্ৰেছকে ধৰি বিৰোধী পক্ষৰ সদস্যসকলে অশান্ত পৰিস্থিতিৰ সৃষ্টি কৰে। নিম্ন সদনৰ অধ্যক্ষ ওম বিৰলাই সদস্য সকলক প্রশ্নকালৰ কামকাজ চলাই নিয়াত সহায় কৰিবলৈ অনুৰোধ জনায় যদিও সদস্যসকলে তেওঁৰ অনুৰোধৰ প্ৰতি কাণসাৰ নিদিয়ে। এনে হুলস্থুলীয়া পৰিস্থিতিৰ মাজতে শ্ৰী বিৰলাই সদন পৰিচালনাৰ নিয়ম অনুসৰি কামকাজ চলিব বুলি মন্তব্য কৰে। তাৰ পাছতো অশান্ত পৰিস্থিতি শাম নকতাত অধ্যক্ষই সদনৰ কাৰ্যক্ৰমণিকা দিনৰ ১২ বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।