ডাউনলোড
মোবাইল এপ

android apple
signal

বিৰোধী পক্ষই বিভিন্ন বিষয়ক লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ ফলত সংসদৰ উভয় সদনৰ কাম-কাজ ব্যাহত

বিৰোধী পক্ষই বিভিন্ন বিষয়ক লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ ফলত সংসদৰ উভয় সদন আজি পুনৰ স্থগিত ৰাখিবলগীয়া হয়। ৰাজ্যসভাত দুপৰীয়া ১২ বজাত প্ৰথমবাৰ স্থগিতকৰণৰ পাছত সদন পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী পক্ষৰ সদস্যসকলে বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধন আৰু অন্যান্য বিষয় সন্দৰ্ভত আলোচনাৰ দাবী জনাই শ্ল’গান দিবলৈ আৰম্ভ কৰে। সেই সময়ত সভাপতিৰ আসনত থকা ঘনশ্যাম তিৱাৰীয়ে প্ৰশ্নকাল আগবঢ়াই নিবলৈ চেষ্টা চলায় যদিও বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিৱেশৰ বাবে সদনৰ কাম-কাজ ব্যাহত হয়। এনে হুলস্থূলীয়া পৰিস্থিতি অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত সভাপতিয়ে দিনটোৰ বাবে সদন স্থগিত ৰখাৰ কথা ঘোষণা কৰে। আনহাতে এই হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে ইলেকট্রনিক্স আৰু তথ্য প্রযুক্তি দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ডিজিটেল গাইগুটীয়া ডাটা সুৰক্ষা – ডি পি ডি পি আইন, ২০২৩ৰ কাৰ্যকৰীকৰণ সন্দৰ্ভত উত্থাপিত এটা প্ৰশ্নৰ উত্তৰ দিয়ে।
ইয়াৰ পূৰ্বে দিনৰ ১১ বজাত প্ৰথমবাৰৰ বাবে সদন মিলিত হোৱাৰ সময়ত উচ্চ সদনৰ উপ-সভাপতি হৰিবংশে কয়, যে তেওঁ ভিন ভিন ৰাজনৈতিক দলৰ পৰা বিভিন্ন বিষয় সন্দৰ্ভত লাভ কৰা ৩০ খন স্থগিতকৰণৰ জাননী খাৰিজ কৰে। বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ প্ৰসঙ্গক লৈ আলোচনাৰ বাবে বিৰোধী পক্ষৰ সাংসদসকলে উত্থাপন কৰা দাবী সন্দৰ্ভত উপ-সভাপতিগৰাকীয়ে কয় যে এই বিষয়ত আলোচনাৰ বাবে তেওঁ অনুমতি প্ৰদান কৰিব নোৱাৰে। নিৰ্বাচন আয়োগ এটা সাংবিধানিক সংস্থা হোৱাৰ লগতে বিষয়টো আদালতত বিচাৰাধীন হৈ থকাৰ পৰিপ্ৰেক্ষিতত ইয়াক লৈ আলোচনা কৰাটো সম্ভৱপৰ নহয় বুলি তেওঁ মত প্ৰকাশ কৰে। তেওঁ বিৰোধী পক্ষৰ সদস্যসকলক নিজ নিজ আসনলৈ উভতি গৈ সংসদৰ কাম-কাজ সূচাৰুৰূপে সম্পন্ন কৰাত সহায় কৰিবলৈ আহ্বান জনায়। তৎসত্বেও হুলস্থূলীয়া পৰিস্থিতি অব্যাহত থকাত উপ-সভাপতিগৰাকীয়ে দুপৰীয়া ১২ বজালৈ সদন স্থগিত ৰখাৰ কথা ঘোষণা কৰে।
লোকসভাৰ কাম-কাজো আজি বিভিন্ন বিষয় সন্দৰ্ভত বিৰোধীয়ে সৃষ্টি কৰা হুলস্থূলীয়া পৰিবেশৰ বাবে ব্যাহত হোৱা পৰিলক্ষিত হয়। প্ৰথমবাৰ সদনৰ কাম-কাজ স্থগিত ৰখাৰ পাছত দিনৰ ২ বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী দলৰ সদস্যসকলে বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ প্ৰসঙ্গক লৈ বিভিন্ন ধবনি দিবলৈ আৰম্ভ কৰে। এনে হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সদনৰ কাম-কাজ দিনটোৰ বাবে স্থগিত ঘোষণা কৰা হয় ৷
পূৰ্বে দিনৰ ১১ বজাত সদন মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই প্ৰশ্নকাল আগবঢ়াই নিয়াৰ চেষ্টা চলায় যদিও বিৰোধী পক্ষৰ সদস্যসকলে বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধন আৰু অন্যান্য বিষয় উঠাই লোৱাৰ দাবীৰে সদনৰ মজিয়ালৈ উঠি আহি ধবনি দিবলৈ আৰম্ভ কৰে। অধ্যক্ষগৰাকীয়ে প্রশ্নকালৰ বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু বিৰোধী পক্ষই ইয়াত অংশগ্ৰহণ কৰাটো জৰুৰী বুলি মত প্ৰকাশ কৰি বিৰোধী সাংসদসকলক সহযোগ কৰিবলৈ অনুৰোধ জনায়। বিৰোধী পক্ষৰ সাংসদসকলৰ আচৰণত উদ্বেগ প্রকাশ কৰি তেওঁ লগতে কয় যে এই গুৰুত্বপূর্ণ প্রশ্নকালে গণতন্ত্রক শক্তিশালী কৰিব। কিন্তু বিৰোধী পক্ষৰ সদস্যসকলে প্ৰতিবাদ অব্যাহত ৰখাৰ পৰিপ্ৰেক্ষিতত অধ্যক্ষই সদনৰ কাম-কাজ দিনৰ ২ বজালৈ স্থগিত ৰাখিবলগীয়া হয়।