ডাউনলোড
মোবাইল এপ

android apple
signal

বিৰোধী পক্ষই বিভিন্ন বিষয় লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়

সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা বিৰোধী পক্ষই বিভিন্ন বিষয় লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। লোকসভাৰ কামকাজ প্রথমে দিনৰ দুই বজালৈ আৰু পাছত দিনটোৰ বাবে স্থগিত ৰখা হয়৷
কাৰ্যক্ৰমণিকা প্ৰথমবাৰ বাবে স্থগিত ৰখাৰ পাছত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত বিজেপি সাংসদ নিশিকান্ত ডুবেই যোগাযোগ আৰু তথ্য প্ৰযুক্তি বিষয়ক স্থায়ী কমিটিৰ প্ৰতিবেদন দাখিল কৰে। একেদৰে বিজেপিৰ জনার্দন মিশ্রই গ্রাম্য উন্নয়ন বিষয়ক স্থায়ী কমিটিৰ প্ৰতিবেদন দাখিল কৰে। পাছত আইন আৰু ন্যায় মন্ত্ৰী অৰ্জন ৰাম মেঘৱালে গোৱাৰ বিধানসভা সমষ্টিসমূহত অনুসূচীত জনজাতিসমূহৰ প্ৰতিনিধিত্বৰ পুনৰ সংযোজন বিধেয়ক ২০২৪ সদৰ বিবেচনাৰ্থে উত্থাপন কৰে। শ্ৰী মেঘৱালে অনুসূচীত জনজাতিৰ স্বাৰ্থৰ সৈতে জড়িত বিধেয়কখন অতিকৈ গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে যদিও বিৰোধী পক্ষৰ সাংসদসকলে নিজৰ নিজৰ দাবীৰ সমৰ্থনত ধ্বনি দিবলৈ ধৰে। মন্ত্ৰীগৰাকীয়ে তেওঁলোকক আলোচনাত ভাগ ল’বলৈ আহ্বন জনায়। তাৰ পাছতো বিৰোধী পক্ষৰ সদস্যসকলে প্ৰতিবাদ অব্যাহত ৰখাত অধ্যক্ষই সদনৰ কামকাজ দিনটোৰ বাবে স্থগিত ৰখাৰ কথা ঘোষণা কৰে। ইয়াৰ আগেয়ে দিনৰ ১১ বজাত লোকসভা মিলিত হোৱাৰ সময়ত সভাপতি ওম বিৰলাই প্রশ্নকাল আগবঢ়াই নিয়াত চেষ্টা চলাই যদিও বিৰোধী সাংসদসকলে বিহাৰত ভোটাৰ তালিকা বিশেষ সংশোধনৰ বিষয়ে আলোচনাৰ দাবী কৰি ধ্বনি দিবলৈ ধৰে আৰু সদনৰ মজিয়ালৈ উঠি যায়। প্রশ্নকালৰ কামকাজ চলাই নিয়াত সহগিতা কৰিবলৈ আহ্বান জনাই শ্ৰী বিৰলাই কয়, যে তেওঁলোকৰ আচৰণ সদনৰ গৰিমা পৰিপন্থি। সদনৰ মজিয়াত প্লেকার্ড প্ৰদৰ্শন কৰা আৰু কামকাজ ব্যাহত কৰাৰ বিষয় লৈ উদ্বেগ প্রকাশ কৰি অধ্যক্ষই প্ৰতিবাদৰত সদস্যসকলক নিজ নিজ আসন গ্ৰহণ কৰিবলৈ আহ্বান জনায়। শ্রী বিৰলাই কয়, যে প্রশ্নকাল শেষ হোৱাৰ পাছত তেওঁ সদস্যসকলক তেওঁলোকে উত্থাপন কৰা বিষয় সম্পৰ্কে কোৱাৰ সুযোগ দিব। বিৰোধী পক্ষৰ সদস্যসকলে তেওঁৰ অনুৰোধৰ প্ৰতি কাণসাৰ নিদিয়ে আৰু প্ৰতিবাদ অব্যাহত ৰাখে। অচলাৱস্থা অব্যাহত থকাত অধ্যক্ষই সদনৰ কামকাজ দিনৰ দুই বজালৈ স্থগিত ৰাখে। অৱশ্যে হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্রাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে দেশৰ বিভিন্ন প্ৰান্তত চি এন জিৰ সুবিধা সম্পর্কে সোধা এটা প্ৰশ্নৰ উত্তৰ দিয়ে।
ৰাজ্যসভাত পুৱাৰ ভাগত কিছু কামকাজ সম্পন্ন হয়। আৰম্ভণিতে উচ্চ সদনে কার্যকাল সম্পূর্ণ হোৱা তামিলনাডুৰ ছগৰাকী সাংসদক বিদায় সম্ভাষণ জনায়। ৰাজ্যসভাত উপ-সভাপতি হৰিবংশে তেওঁৰ ভাষণত কয়, যে কার্যকাল সম্পূৰ্ণ হোৱা প্ৰতিগৰাকী সদস্যই সদনৰ আলোচনাত অর্থবহ অৱদান আগবঢ়াইছে। তেওঁ লগতে বিদায়ী সদস্যসকলক কৃতজ্ঞতা প্রকাশ কৰে। ইয়াৰ পাছতে উপ- সভাপতিগৰাকীয়ে নতুনকৈ মনোনীত সদস্য উজ্জ্বল নিকমক পদ আৰু গোপনীয়তাৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। শপতগ্রহণ অনুষ্ঠানৰ পাছত উপসভাপতি হৰিবংশে প্রশ্নকাল আৰম্ভ কৰে যদিও বিৰোধী সাংসদসকলে বিভিন্ন বিষয় লৈ ধবনি দিবলৈ ধৰে। উপসভাপতি গৰাকীয়ে প্ৰতিবাদৰত সদস্যসকলক কামকাজ সুকলমে আগবঢ়াই নিয়াত সহযোগিতা কৰিবলৈ অনুৰোধ জনায় যদিও তেওঁৰ চেষ্টা অথলে যায়। হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে তেওঁ সদনৰ কামকাজ দিনৰ দুই বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। দিনৰ দুই বজাত সদন পুনৰ মিলিত হোৱাৰ সময়তো নিম্ন সদনত অনুৰূপ পৰিস্থিতি বিৰাজ কৰে। হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে সামুদ্রিক পথেৰে সামগ্ৰী পৰিবহন বিধেয়ক ২০২৫ সদনৰ বিবেচনা আৰু গ্ৰহণৰ বাবে উত্থাপন কৰে। এ আই এ ডি এম কেৰ এম থাম্বিডুৰাই আৰু অযোধ্যা ৰামি ৰেড্ডীয়ে বিধায়কখন সন্দৰ্ভত হোৱা আলোচনাত ভাগ লয় যদিও বিৰোধী পক্ষৰ সদস্যসকলে দিয়া ধবনিৰ বাবে উপসভাপতি সদনৰ কামকাজ স্থগিত ৰাখিবলৈ বাধ্য হয়।