বিৰোধী পক্ষই তেওঁলোকে উত্থাপন কৰা বিষয়সমূহক লৈ আলোচনা কৰাৰ পৰা চৰকাৰ আঁতৰি ফুৰিছে বুলি অনা অভিযোগ কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যসভাৰ নেতা জে পি নাড্ডাই খণ্ডন কৰিছে। কংগ্ৰেছ দলৰ সদস্য তথা ৰাজ্যসভাত বিৰোধী পক্ষৰ নেতা মল্লিকার্জুন খাগেই উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰত শ্ৰী নাড্ডাই আজি সদনত কয়, যে সংসদত যিকোনো বিষয় লৈ আলোচনা কৰিবলৈ চৰকাৰ সাজু আৰু ই বিৰোধীয়ে দাবী কৰা বিষয়সমূহক লৈ আলোচনা কৰাৰ পৰা আঁতৰি ফুৰা নাই। শ্ৰী নাড্ডাই লগতে সংসদৰ যোৱাবাৰৰ অধিৱেশনত চৰকাৰে আলোচনাৰ বাবে সময় নিৰ্ধাৰণ কৰি দিয়া বুলি আৰু সদনত পূর্ণাংগ আলোচনা হোৱা বুলি স্পষ্ট কৰি দিয়ে। সৰ্বদলীয় বৈঠকত ৰাষ্ট্ৰীয় গীত ‘বন্দে মাতৰম’ৰ ডেৰশ বছৰীয়া জয়ন্তীৰ লগতে ভোটাৰ তালিকাৰ সংশোধন সম্পর্কে অহা সপ্তাহত আলোচনাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি তেওঁ উল্লেখ কৰে।
Site Admin | December 4, 2025 6:26 PM | Akashvani | Akashvani News | JP Nadda | parliament | Parliament Session
বিৰোধী পক্ষই তেওঁলোকে উত্থাপন কৰা বিষয়সমূহক লৈ আলোচনাৰ পৰা চৰকাৰে আঁতৰি ফুৰিছে বুলি অনা অভিযোগক খণ্ডন জে পি নাড্ডাৰ