বিৰোধী দলসমূহে বিভিন্ন বিষয় লৈ হুলস্থূলীয়া পৰিবেশ সৃষ্টি কৰাত দুয়োখন সদনৰ কাৰ্যক্ৰমণিকা আজি স্থগিত ৰখা হয়। বিয়লি ৩ বজাত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী দলৰ সাংসদসকলে সদনৰ মজিয়ালৈ গৈ বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ বিষয়টোক লৈ বিভিন্ন শ্লোগান দিয়ে। সেই সময়ত সদনৰ দায়িত্বত থকা সদস্যগৰাকীয়ে বিৰোধী সাংসদসকলক সদনৰ মজিয়াৰ পৰা নিজ নিজ আসনলৈ ঘূৰি যাবলৈ আহ্বান জনায়। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে সদনে অনুমোদন জনোৱা আয়কৰ বিধেয়ক ২০২৫ বাতিল কৰাৰ প্ৰস্তাৱ দাখিল কৰে। হুলস্থূলীয়া পৰিবেশ অব্যাহত থকাত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে শুকুৰবাৰৰ দিনটো ব্যক্তিগত বিধেয়কৰ দিন যদিও সদস্যসকলে ইয়াত বাধা প্ৰদান কৰিছে। তেওঁ চৰকাৰে প্ৰতিটো বিষয় লৈ আলোচনাৰ বাবে সাজু আছে বুলি অৱগত কৰে। ইয়াৰ পাছত হুলস্থূলীয়া পৰিস্থিতি অব্যাহত থকাত অধ্যক্ষই দিনটোৰ বাবে সদন স্থগিত ৰাখে।
প্ৰথমবাৰ বাবে সদন স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী দলৰ সদস্যসকলে বিহাৰৰ নিৰ্বাচনী তালিকাৰ পুনৰীক্ষণ সন্দৰ্ভত আলোচনাৰ দাবীত বিৰোধী দলৰ সদস্যসকলে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে। প্ৰিজাইডিং বিষয়া কৃষ্ণ প্ৰসাদ টেন্নেটিয়ে বিৰোধী দলৰ সদস্যসকলক নিজৰ আসনলৈ যাবলৈ অনুৰোধ কৰে। বিৰোধী দলৰ সদস্যসকলৰ আচৰণ আপত্তিজনক বুলিও তেওঁ কয়। ইয়াৰ পাছতো পৰিৱেশ একেই থকাত সদন বিয়লি ৩ বজালৈ স্থগিত ৰখা হয়।
ইয়াৰ পূৰ্বে দিনৰ ১১ বজাত সদন মিলিত হোৱাৰ সময়ত ভাৰত ত্যাগ আন্দোলনৰ স্বাধীনতা সংগ্ৰামীসকলক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। লগতে এই সপ্তাহতে নতুন দিল্লীত দেহাৱসান ঘটা প্ৰাক্তন সদস্য সত্যপাল মালিকলৈও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই প্ৰশ্নকাল আৰম্ভ কৰাৰ চেষ্টা চলায় যদিও বিৰোধী সদস্যসকলে হুলস্থূলীয়া পৰিস্থিতি অব্যাহত ৰখাত দুপৰীয়া ১২ বজালৈকে সদন স্থগিত ৰখা হয়।
প্ৰথমবাৰৰ বাবে সদন স্থগিত ৰখাৰ পাছত দিনৰ ১২ বজাত ৰাজ্যসভা পুনৰ আৰম্ভ হোৱাৰ পাছত বিহাৰৰ নিৰ্বাচনী তালিকাৰ পুনৰীক্ষণ সন্দৰ্ভত আলোচনাৰ দাবীত বিৰোধী দলৰ সদস্যসকলে পুনৰ শ্লোগান দিবলৈ আৰম্ভ কৰে। সদনত প্ৰশ্নকাল আৰম্ভ কৰিবলৈ চেষ্টা কৰা হয় যদিও বিৰোধী দলৰ সদস্যসকলে হুলস্থূলীয়া পৰিৱেশ অব্যাহত থকাত সদন পৰিচালনাৰ দায়িত্বত থকা সদস্যগৰাকীয়ে দিনটোৰ বাবে সদন স্থগিত ৰাখে।
ইয়াৰ পূৰ্বে আজি পুৱা সদন মিলিত হোৱাৰ পাছত ভাৰত ত্যাগ আন্দোলনৰ স্বাধীনতা সংগ্ৰামীসকলক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। উপ-সভাপতি হৰিবংশে কয়, যে কাইলৈ ঐতিহাসিক ভাৰত ত্যাগ আন্দোলনৰ ৮৩ বছৰ সম্পূৰ্ণ হব। ১৯৪২ চনত মহাত্মা গান্ধীয়ে আৰম্ভ কৰা এই আন্দোলনে ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ অন্ত পেলোৱাৰ এক নিৰ্ণায়ক আৰু শক্তিশালী ভূমিকা পালন কৰিছিল। বিৰোধী দলৰ সদস্যসকলে ইয়াৰ পাছতো হুলস্থূলীয়া পৰিস্থিতি অব্যাহত ৰখাত ৰাজ্যসভাৰ উপ-সভাপতি হৰিবংশে কয়, যে এই হুলস্থূলীয়া পৰিৱেশৰ ফলত সদনে ৫৬ ঘণ্টাৰো অধিক সময় হেৰুৱাইছে। ইয়াৰ পাছতো পৰিৱেশ একেই থকাত উপ-সভাপতিয়ে সদন দিনৰ ১২ বজালৈকে স্থগিত ৰাখে।