বিভিন্ন বিষয়ক কেন্দ্ৰ কৰি বিৰোধীপক্ষৰ সাংসদসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ ফলত সংসদৰ উভয় সদনৰ কাম-কাজ আজিৰ দিনটোৰ বাবে স্থগিত ৰখা হয়। প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত লোকসভা দিনৰ ২ বজাত পুনৰ মিলিত হোৱাৰ পাছতে বিৰোধী পক্ষৰ সদস্যসকলে তেওঁলোকৰ প্ৰতিবাদ অব্যাহত ৰখাৰ বাবে সদনৰ কাম-কাজ ব্যাহত হয়। অধ্যক্ষৰ আসনত থকা বিজেপিৰ সাংসদ জগদম্বিকা পালে প্রতিবাদী সাংসদসকলক শান্ত হৈ তেওঁলোকৰ আসনলৈ উভতি যাবলৈ আহ্বান জনায়। ইপিনে, কেন্দ্রীয় আইন মন্ত্রী অর্জুন ৰাম মেঘৱালে গোৱাৰ বিধানসভা সমষ্টিসমূহত অনুসূচিত জনজাতিৰ প্ৰতিনিধিত্বৰ পুনৰ সংযোজন বিধেয়ক- ২০২৪ সন্দৰ্ভত তেওঁক সদনত বক্তব্য ৰাখিবলৈ সুযোগ প্ৰদান কৰিব লাগে বুলি মন্তব্য কৰে। অধ্যক্ষই বাৰম্বাৰ অনুৰোধ কৰা সত্ত্বেও বিৰোধী পক্ষৰ সদস্যসকলে তেওঁলোকৰ দাবীসমূহক লৈ ধ্বনি দিয়া অব্যাহত ৰাখে, যাৰ ফলত অধ্যক্ষই সদনৰ কাম-কাজ দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। ইয়াৰ পূৰ্বে আজি পুৱা ১১ বজাত লোকসভাৰ কামকাজৰ আৰম্ভনিতে কাৰ্গিল বিজয় দিৱসৰ ২৬ সংখ্যক বাৰ্ষিকীৰ পূৰ্বে সদনে আদি দেশৰ সাহসী সৈনিকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই দেশৰ সুৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া সশস্ত্র বাহিনীৰ জোৱানসকলৰ ত্যাগ আৰু সাহসিকতাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। অতিশয় দুর্গম এলেকাত অৱস্থিত কাৰ্গিলৰ পৰা প্ৰতিকূল বতৰৰ মাজতো দৃষ্টান্তমূলক সাহসিকতাৰে শত্ৰুপক্ষক খেদি পঠিওৱাৰ ক্ষেত্ৰত সফলতা প্ৰদৰ্শন কৰা সাহসী সৈনিকসকলক সদনে সন্মান জনায়।
ইয়াৰ পাছতেই অধ্যক্ষগৰাকীয়ে সদনৰ প্ৰশ্নকাল আৰম্ভ কৰিবলৈ চেষ্টা কৰে যদিও বিৰোধী পক্ষৰ সাংসদসকল সদনৰ মজিয়ালৈ উঠি আহি বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ বিষয়ে আলোচনাৰ লগতে ইয়াৰ প্ৰত্যাহাৰৰ দাবীত ধ্বনি দিবলৈ ধৰে। অধ্যক্ষগৰাকীয়ে প্ৰশ্নকালৰ কামকাজ চলাই নিয়াত সহযোগিতা কৰিবলৈ আহ্বান জনাই শ্ৰী বিৰলাই কয়, যে তেওঁলোকৰ আচৰণ সদনৰ গৰিমাৰ পৰিপন্থী। সদনৰ মজিয়াত প্লেকার্ড প্রদর্শন কৰা আৰু কামকাজ ব্যাহত কৰাৰ বিষয় লৈ উদ্বেগ প্রকাশ কৰি অধ্যক্ষই কয়, যে বিগত কেইটামান দিনত বিৰোধী পক্ষই পৰিকল্পিতভাৱে সদনৰ কামকাজ ব্যাহত কৰা পৰিলক্ষিত হৈছে। এনে আচৰণ গণতান্ত্ৰিক ব্যৱস্থাৰ অনুকূল নহয় বুলিও তেওঁ মতপ্রকাশ কৰে। তৎসত্বেও বিৰোধী পক্ষৰ সদস্যসকলে তেওঁৰ আহ্বানৰ প্ৰতি কোনো গুৰুত্ব আৰোপ নকৰি প্ৰতিবাদ অব্যাহত ৰাখে। এনে হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে অধ্যক্ষগৰাকীয়ে সদনৰ কামকাজ দুই বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে ।
একেদৰে ৰাজ্য সভাতো আজি অনুৰূপ ধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হয়। প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত ১২ বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত সভাপতিৰ আসনত থকা ঘনশ্যাম তিৱাৰীয়ে প্ৰশ্নকাল আৰম্ভ কৰিবলৈ বিচৰাৰ লগে লগে বিৰোধীপক্ষৰ সাংসদসকলে বিভিন্ন দাবী উত্থাপন কৰি হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে। সদনৰ ভাৰপ্ৰাপ্ত সভাপতিগৰাকীয়ে প্ৰশ্নকাল পৰিচালনাৰ সূচল কৰি তোলাৰ বাবে বাৰম্বাৰ অনুৰোধ জনোৱা সত্বেও তেওঁলোকে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ অব্যাহত ৰাখে। এনে হুলস্থুলীয়া পৰিস্থিতিৰ মাজতে কৃষি আৰু কৃষক কল্যাণ দপ্তৰৰ মন্ত্ৰী শিৱৰাজ সিং চৌহানে, কৃষকসকলৰ কল্যাণ আৰু সমস্যাসমূহৰ বিষয়ক লৈ প্ৰশ্ন উত্থাপন কৰা হৈছে বুলি উল্লেখ কৰি কয়, যে এনে কাৰণতে প্রশ্নকাল সম্পন্ন কৰাটো গুৰুত্বপূৰ্ণ । মন্ত্ৰীগৰাকীয়ে এনে প্রশ্নসমূহৰ উত্তৰ দিবলৈ বিচাৰে যদিও প্রশ্নকালত অংশগ্ৰহণ নকৰা বুলি তেওঁ বিৰোধী সাংসদসকলক দোষাৰোপ কৰে। ইয়াৰ পাছত শ্ৰী চৌহানে বিকশিত কৃষি সংকল্প অভিযানৰ সুফল সন্দৰ্ভত সদনত উত্থাপিত এটা প্ৰশ্নৰ উত্তৰ দিয়ে। সেই সময়তো হুলস্থূলীয়া পৰিৱেশ অব্যাহত থকা সভাপতিগৰাকীয়ে দিনটোৰ বাবে সদন স্থগিত ৰখাৰ কথা ঘোষণা কৰে ।
ইয়াৰ পূৰ্বে দিনৰ ১১ বজাত সদন মিলিত হোৱাৰ পাছত তামিলনাডুৰ পৰা ৰাজ্যসভাক প্ৰতিনিধিত্ব কৰি নতুনকৈ নির্বাচিত সাংসদসকলে শপতগ্রহণ কৰে। শপতগ্রহণ অনুষ্ঠানৰ পাছত ৰাজ্যসভাৰ উপ-সভাপতি হৰিবংশে বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধনকে ধৰি ভিন ভিন বিষয়ক লৈ কেইবাটাও ৰাজনৈতিক দলৰ পৰা ২৮ খন সভা স্থগিতৰ জাননী লাভ কৰা বুলি উল্লেখ কৰি এই জাননীসমূহ খাৰিজ কৰে।
Site Admin | July 25, 2025 8:35 PM | Parliament adjourned
বিৰোধীৰ হুলস্থূলীয়া পৰিস্থিতিৰ ফলত সংসদৰ উভয় সদনৰ কাম-কাজ ব্যাহত
