বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ কালি অন্ত পৰে। এই পৰ্যায়ত মুঠ ২৪৩ খন আসনৰ ভিতৰত ১২২টা সমষ্টিৰ বাবে ১১ নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ’ব। ৰাজ্যখনত অহা ৬ নৱেম্বৰত ১৮ খন জিলাৰ ১২১টা বিধানসভা সমষ্টিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। ১৪ নৱেম্বৰত ভোটগণনা কৰা হ’ব। ৰাজ্যখনৰ নিৰ্বাচনী বিষয়াই জনোৱা মতে প্ৰথম পৰ্যায়ৰ বাবে ১৩৭৫ খন মনোনয়ন বৈধ বিবেচিত হৈছে। ইয়াৰে ১৪৭ গৰাকী মহিলা আৰু ১২৪৭ জন পুৰুষ প্ৰাৰ্থী। ইপিনে, ৰাষ্ট্ৰীয় জনতা দল আৰ জে ডিয়ে কালি দলটোৰ ১৪৩ জনীয়া প্রার্থী তালিকা প্রকাশ কৰিছে। পূৰ্বৰ বিহাৰ বিধানসভা নিৰ্বাচনত দলটোৱে ১৪৪ খন আসনত প্ৰাৰ্থী আগবঢ়াইছিল। এইবাৰ আৰ জে ডিয়ে নিজৰ ছহর্ছা, জামালপুৰ আৰু বেলাডৰ আসনকেইখন মিত্ৰজোঁটৰ নতুন দল দা ইণ্ডিয়ান ইনক্লুছিভ পাৰ্টীক এৰি দিছে। দলৰ জ্যেষ্ঠ নেতা তেজস্বী প্রসাদ যাদৱে বৈশালী জিলাৰ ৰাঘোপুৰ সমষ্টিৰ বাবে প্রার্থিত আগবঢ়াইছে। বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ অবোধ বিহাৰী চৌধুৰীয়ে চিৱান, ভোজপুৰী অভিনেতা খেচাৰী লাল য়াদৱে চাপ্ৰা আসনৰ বাবে প্রার্থিত্ব লাভ কৰিছে। কংগ্ৰেছে বিহাৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ছজনীয়া প্ৰাৰ্থীৰ তৃতীয়খন তালিকা প্ৰকাশ কৰিছে। প্ৰাক্তন মন্ত্ৰী জেলিল মস্তানে পুৰ্নিয়াৰ আম’ৰ আসনখনৰ বাবে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। আৰ জে ডিৰ প্ৰাৰ্থী ৰিচি মিশ্ৰই পাৰস্পৰিক বুজাপৰাৰ মাজেৰে কংগ্ৰেছৰ প্রতীক চিহ্নত দাৰভাংগাৰ জেল বিধানসভা সমষ্টিত প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। প্রথমখন তালিকা প্রকাশ পোৱাৰ পাছত মিত্ৰজোঁটৰ আৰ জে ডি, কংগ্ৰেছ, বিকাশশীল ইনচান পাৰ্টী, চি পি আই এম এলকে ধৰি বামপন্থী দলসমূহৰ মাজত আসনৰ ভাগ-বটোৱাৰাৰ দৃশ্যপট প্ৰায় স্পষ্ট হৈ পৰিছে।
Site Admin | October 21, 2025 10:57 AM | Bihar Assembly Election
বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ সামৰণি