বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে ৪৮ গৰাকী প্ৰাৰ্থীৰ নামৰ প্রথমখন তালিকা প্ৰকাশ কংগ্ৰেছৰ

● কংগ্ৰেছে সমাগত বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে ৪৮ গৰাকী প্ৰাৰ্থীৰ নাম সম্বলিত প্রথমখন তালিকা প্রকাশ কৰিছে। এই তালিকাখনত নিৰ্বাচনৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায় – দুয়োটাৰে বাবে ২৪ গৰাকীকৈ প্ৰাৰ্থীৰ নাম সন্নিৱিষ্ট কৰা হৈছে। দলটোৱে বিহাৰ প্ৰদেশ কংগ্ৰেছৰ মুৰববী ৰাজেশ ৰামক কুটুম্বা আসনৰ পৰা প্ৰক্ষেপ কৰিছে। কালি প্রকাশিত তালিকা অনুসৰি কাৰৱা সমষ্টিৰ পৰা চাকিল আহমেদ খান আৰু বেগুচৰাই সমষ্টিৰ পৰা অমিতা ভুষণ নির্বাচনী যুঁজত অৱতীৰ্ণ হ’ব। একেদৰে মংগল ৰামক চেনাৰী, সঞ্জয় তিৱাৰীক বাক্সাৰ আৰু আনন্দ শংকৰ সিঙক ঔৰংগাবাদ বিধানসভা সমষ্টি দলীয় প্রার্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে। কংগ্ৰেছৰ কেন্দ্ৰীয় নির্বাচন কমিটীয়ে এই প্ৰাৰ্থীসকলৰ নাম চূড়ান্ত কৰে৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।