ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে এন ডি এৰ আসন বিতৰণ সন্দৰ্ভত বুজাবুজিৰ সম্ভাৱনা

● বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে এন ডি এৰ আসন বিতৰণ সন্দৰ্ভত আজি বুজাবুজি হোৱাৰ সম্ভাৱনা আছে। বিজেপিৰ নিৰ্বাচনী তত্বাৱধায়ক তথা কেন্দ্রীয় মন্ত্রী ধর্মেন্দ্র প্রধানে পাটনাত এন ডি এৰ সহযোগী বিভিন্ন দলৰ সৈতে আসন বুজাবুজি সন্দৰ্ভত পৃথকে পৃথকে বৈঠক অনুষ্ঠিত কৰিব। এই বৈঠকৰ পাছতে অহা দুই-তিনি দিনৰ ভিতৰত আসনৰ ভাগ-বটোৱাৰা সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰাৰ সম্ভাৱনা আছে৷

বিজেপিয়ে আসন বুজাবুজি সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী জিতন ৰাম মাঝি নেতৃত্বাধীন হিন্দুস্তানী আম মৰ্চা, উপেন্দ্ৰ কুশ্বৱাহা নেতৃত্বাধীন ৰাষ্ট্ৰীয় লোক মৰ্চা আৰু ৰামবিলাস পাছোৱানৰ লোক জনশক্তি দলৰ সৈতে এন ডি এৰ সহযোগী দলসমূহৰ মাজত আসন বুজাবুজিৰ পাছত বিজেপি আৰু জে ডি ইউয়ে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া আসনসমূহৰ সংখ্যা চূড়ান্ত কৰিব।
ইপিনে, আৰ জে ডিৰ নেতা তেজস্বী প্ৰসাদ যাদৱে যোৱা নিশা বিকাশশীল ইন্‌চান পাৰ্টীৰ সভাপতি মুকেশ ছাহানিৰ সৈতে আলোচনাত মিলিত হয়। বিৰোধী জোঁটে বাও দল আৰু মুকেশ ছাহানিৰ দলক আসন দিয়াৰ ক্ষেত্ৰত এতিয়াও কোনো সিদ্ধান্তত উপনীত হোৱা নাই। চি পি আই আৰু চি পি এমৰ সাধাৰণ সম্পাদকদ্বয়ে আসন ভাগ-বটোৱাৰা সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ পাটনাত বাহৰ পাতিছে। আজি জ্যেষ্ঠ কংগ্ৰেছ নেতা আৰু আৰ জে ডিৰ সভাপতি লালু প্রসাদ যাদৱৰ সমাগত বিহাৰ নিৰ্বাচন সন্দৰ্ভত আসনৰ ভাগ- বটোৱাৰা ব্যৱস্থাৰ বিষয়ে আলোচনা হোৱাৰ সম্ভাৱনা আছে।