বিহাৰ বিধানসভা নিৰ্বাচনৰ দিন শীঘ্রেই ঘোষণা কৰা হ’ব বুলি মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে আজি প্ৰকাশ কৰিছে। তেওঁ ইতিমধ্যে ৰাজনৈতিক দলসমূহৰ সৈতে আলোচনাত মিলিত হৈ তেওঁলোকৰ মতামত গ্রহণ কৰিছে বুলিও উল্লেখ কৰে। তেওঁ লগতে কয়, যে সকলো দিশৰ প্ৰতি লক্ষ্য ৰাখি ভোটদানৰ সময় সূচী নির্ধাৰণ কৰা হ’ব। বিহাৰত মুক্ত, নিকা আৰু শান্তিপূর্ণভাবে বিধানসভা নির্বাচন অনুষ্ঠিত কৰাৰ উদ্দেশ্যে ১৭ টা নতুন পদক্ষেপ গ্রহণ কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। ইয়াৰ দ্বাৰা ভোটদানৰ সময়ত ভোটাদাতাসকল বিশেষ অভিজ্ঞতাৰ অধিকাৰী হ’ব।
ভোটাৰ তালিকাৰ বিশেষ সংশোধন, এছ আই আৰক ভোটাৰ, ৰাজনৈতিক দল আদিয়ে শলাগ লৈছে বুলি মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে প্ৰকাশ কৰিছে। পাটনাত আজি অনুষ্ঠিত এখন সংবাদ মেলত তেওঁ কয়, যে আইনগত আৰু বিধিগতভাৱে এছ আই আৰ গ্ৰহণ কৰা হৈছে। বিহাৰত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিক কেন্দ্ৰ কৰি দুদিনীয়া ভ্রমণ সামৰি মুখ্য নির্বাচন আয়ুক্তগৰাকীয়ে লগতে কয়, যে এছ আই আৰ অভিযানত সকলোৱে সহযোগ কৰিছিল। এই সময়ছোৱাত ৩ লাখ ৬৬ হাজাৰ ভোটাৰ নিৰ্বাচনী তালিকাৰ খচৰা প্ৰকাশৰ পাছত সহযোগ কৰিবলৈ আগবাঢ়ি আহিছিল। এছ আই আৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা বি এল অসকলক শ্রীকুমাৰে ধন্যবাদ জ্ঞাপন কৰে।
দেশত সমাগত এছ আই আৰৰ বাবে নথি-পত্ৰত আধাৰ অন্তৰ্ভুক্ত কৰা সন্দৰ্ভত তেওঁ কয়, যে আধাৰ নাগৰিকত্ব নহয়, বৰঞ্চ ই পৰিচয়ৰ প্ৰমাণ হৈ থাকিব। ইয়াৰ পূৰ্বে নির্বাচন আয়োগে ৰাজনৈতিক দল, প্রশাসনিক বিষয়া, মুখ্য সচিব, আৰক্ষী সঞ্চালক প্রধান, ৰাজ্যিক আৰক্ষী বাহিনী, কেন্দ্ৰীয় আৰক্ষী বাহিনী, বিভিন্ন বিধি বলবৎকাৰী সংস্থাৰ সৈতে পর্যালোচনা বৈঠকত মিলিত হয়।
 
									