বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে চূড়ান্ত ভোটাৰ তালিকা আজি প্ৰকাশ কৰা হয়। এই তালিকাৰ অধীনতে ৰাজ্যখনত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব। নির্বাচন আয়োগে অনলাইন যোগে ভোটাৰ তালিকা প্ৰকাশ কৰিছে। বিহাৰৰ মুখ্য নির্বাচন বিষয়াৰ কাৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি ৰাজ্যখনৰ প্ৰতিখন জিলাৰ নিৰ্বাচন বিষয়া তথা জিলা দণ্ডাধীশলৈ ইয়াৰ প্ৰতিলিপি প্ৰেৰণ কৰা হৈছে। এই তালিকাৰ প্রতিলিপি সকলো স্বীকৃতিপ্রাপ্ত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ ৰাজনৈতিক দললৈও প্ৰেৰণ কৰা হ’ব। ভোটাৰ তালিকাৰ বিশেষ সংশোধন অভিযানৰ পাছত ভোটাৰ তালিকাৰ খচৰা যোৱা এক আগষ্টত প্ৰকাশ কৰা হৈছিল। এই খচৰাত সাত কোটি ২৪ লাখৰো অধিক ভোটদাতাৰ নাম অন্তৰ্ভুক্ত হৈছিল। যোৱা বছৰৰ লোকসভা নিৰ্বাচনত বিহাৰৰ ভোটদাতাৰ সংখ্যাই সাত কোটি ৮৯ লাখ স্পৰ্শ কৰিছিল। ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ পাছত আন ঠাইলৈ গুচি যোৱা অথবা অবৈধভাৱে তালিকাত নাম সোমোৱা প্ৰায় ৬৫ লাখ ভোটদাতাৰ নাম তালিকাৰ পৰা বাদ পৰিছিল। তাৰ পাছত ওজৰ-আপত্তি প্ৰক্ৰিয়াৰ জৰিয়তে ১৬ লাখ ৫৯ হাজাৰ যোগ্য নাগৰিকে Form-6 দাখিল কৰি ভোটাৰ তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি প্ৰায় তিনি লাখ ভোটদাতালৈ প্রয়োজনীয় নথি-পত্র দাখিল নকৰাৰ বাবে জাননী প্ৰেৰণ কৰা হৈছিল।