ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 14, 2025 7:56 PM | Bihar Election

printer

বিহাৰ বিধানসভা নিৰ্বাচনত বিপুল সংখ্যাগৰিষ্ঠতাৰে শাসনাধিষ্ঠিত এন ডি এ মৰ্চা পুনৰবাৰ চৰকাৰ গঠনৰ পথত

বিহাৰ বিধানসভা নিৰ্বাচনত শাসনাধিষ্ঠিত এন ডি এ মৰ্চা বিপুল সংখ্যাগৰিষ্ঠতাৰে শাসনলৈ প্ৰত্যাৱৰ্তন কৰিছে। এতিয়ালৈকে ঘোষিত ৯৩ খন আসনৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টীয়ে ৪৭ খনত জয়লাভ কৰিছে আৰু ৪৪ খনত আগবাঢ়ি আছে। সহযোগী দল জনতা দল ইউনাইটেডে ২৮ খন আসনত জয়লাভ কৰিছে আৰু ৫৫ খনত আগবাঢ়ি আছে। এন ডি এৰ অন্যতম অংশীদাৰ লোক জনশক্তি পার্টিয়ে ৪ খন আসনত জয়লাভ কৰিছে আৰু ১৫ খনত আগবাঢ়ি আছে। হিন্দুস্তানী আৱাম মৰ্চায়ো এখন আসনত জয়লাভ কৰিছে আৰু ৪ খন আসনত আগবাঢ়ি আছে।

 

আৰ জে ডি নেতৃত্বাধীন মহাজোঁটবন্ধনে বৰ্তমানলৈকে কেৱল ৭ খন আসনত জয়লাভ কৰিছে আৰু ২৪ খন আসনত আগবাঢ়ি আছে। প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰশান্ত কিশোৰৰ জন সূৰয পাৰ্টীৰ প্রদর্শন শোচনীয় দেখা গৈছে।

 

শাসনাধিষ্ঠিত এন ডি এৰ সমৰ্থকসকলে ইতিমধ্যে পাটনাৰ ৰাজপথত বিজয় শোভাযাত্রা উলিয়াই বিজয় উদযাপন কৰিছে।

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ দলীয় কৰ্মীসকলক বিজয়ৰ বাবে শুভেচ্ছা জনায়।