বিহাৰত আজি বিধানসভা নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ সুকলমে সম্পন্ন হয়। শেহতীয়া তথ্য অনুসৰি বিয়লি ৫ বজালৈ ৬৭.১৪ শতাংশ ভোটদান সম্পন্ন হৈছে। আজিৰ ভোটগ্ৰহণত কিষাণগঞ্জ, কাটিহাৰ আৰু পুৰ্ণিয়াত সৰ্বাধিক ৭০ শতাংশ ভোটদাতাই নিজৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে । কিষাণগঞ্জ সমষ্টিত বিয়লি ৫ বজালৈ সৰ্বাধিক ৭৬.২৬ শতাংশ ভোটদান সম্পন্ন হয়। এই পৰ্যায়ত ২০ খনৰো অধিক জিলাৰ ১২২ টা সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত হয়। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত মুঠ ১,৩০২ গৰাকী প্ৰাৰ্থী আছে। প্ৰাৰ্থীসকলৰ ভিতৰত ১৩৬ গৰাকী মহিলা। উল্লেখযোগ্য যে ৰাজ্যখনত ৬ নৱেম্বৰত হোৱা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰায় ৬৫ শতাংশ ভোটদান সম্পন্ন হৈছিল। অহা ১৪ নৱেম্বৰত নিৰ্বাচনী ফলাফল ঘোষণা কৰা হ’ব।
Site Admin | November 11, 2025 7:34 PM | Akashvani | Bihar | Bihar Assembly Election | Bihar Election | Bihar Politics
বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ সুকলমে সম্পন্ন