বিহাৰ বিধানসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই ৰাজ্যখনত এটা উল্লেখযোগ্য আৰু ঐতিহাসিক বিজয় সাব্যস্ত কৰিব বুলি ভাৰতীয় জনতা পাৰ্টীয়ে আজি আস্থা প্ৰকাশ কৰিছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত বিজেপিৰ মুখপাত্ৰ ৰবীশংকৰ প্ৰসাদে কয় যে বিৰোধীয়ে ইতিমধ্যে এই নিৰ্বাচনত তেওঁলোকৰ পৰাজয় স্বীকাৰ কৰিছে আৰু পৰাজিত হোৱাৰ কাৰণ বিচাৰি ফুৰিছে।
ইয়াৰ পূৰ্বে মহাগঠবন্ধনৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী তথা আৰ জে দিৰ শীৰ্ষ নেতা তেজশ্বী যাদৱে পাৰ্টনাত এখন সংবাদ মেলত কয় যে বিগত ২০ বছৰত বিহাৰত কোনো ধৰণৰ উন্নয়ন চকুত পৰা নাই । তেওঁ এই নিৰ্বাচনত মহাগঠবন্ধনে বিজয় সাব্যস্ত কৰিব বুলি দাবী কৰে ।
উল্লেখযোগ্য যে বিহাৰ বিধানসভাৰ ১২২টা সমষ্টিত কাইলৈ হ’বলগীয়া দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। নির্বাচন আয়োগে এই নির্বাচন শান্তিপূর্ণ, স্বচ্ছ আৰু নিকাকৈ অনুষ্ঠিত কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। পুৱা ৭ বজাত ভোটগ্ৰহণ আৰম্ভ হ’ব আৰু সন্ধিয়া ৬ বজাত সামৰণি পৰিব ৰাজ্যখনত যোৱা ছয় নৱেম্বৰত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত প্ৰায় ৬৫ শতাংশ ভোটদাতাই ভোটদান কৰে। অহা ১৪ নৱেম্বৰত ভোট গণনা কৰা হ’ব।