ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বিহাৰ বিধানসভা নিৰ্বাচনত কেইবাগৰাকীও প্রাক্তন সাংসদৰ নির্বাচনী যুঁজত অৱতীৰ্ণ

● বিহাৰ বিধানসভা নিৰ্বাচনত এইবেলি কেইবাগৰাকীও প্রাক্তন সাংসদে নির্বাচনী যুঁজত অৱতীৰ্ণ হ’ব। ইয়াৰে ভিতৰত কেইবাগৰাকীও প্রার্থীয়ে ২০২৪ চনত লোসসভা নিৰ্বাচন পৰাজিত হৈছে। আমাৰ সংবাদদাতাই জনাইছে যে জে ডি য়ুই ৰাজ্যখনৰ বিভিন্ন সমষ্টিৰ পৰা সৰ্বাধিক প্রাক্তন সাংসদক প্রার্থীত্ব প্রদান কৰিছে।

বিজেপিয়ে প্রাক্তন কেন্দ্রীয় মন্ত্ৰী তথা পাতলিপুত্ৰৰ প্ৰাক্তন সাংসদ ৰামপাল যাদৱক পাটনা জিলাৰ ডানাপুৰ সমষ্টিৰ পৰা থিয় কৰোৱাইছে। সীতামঢ়হি প্রাক্তন সাংসদ সুনিল কুমাৰ পিন্টুই বিজেপিৰ টিকটত সীতামঢ়হি সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বীতা আগবঢ়াইছে। প্রাক্তন সাংসদ চন্দ্ৰেশ্বৰ প্ৰসাদ চন্দ্ৰবংশীয়ে জে ডি ইউৰ প্ৰাৰ্থী হিচাপে জেহানাবাদ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বীতাত অৱতীৰ্ণ হৈছে। একেদৰে ভাগলপুৰৰ প্ৰাক্তত সাংসদ শৈলেশ কুমাৰে গোপাল পুৰৰ পৰা ডে দি ইউৰ টিকটত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে। আৰ জে ডিয়ে প্রাক্তন সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী জয় প্রকাশ নাৰায়ণ যাদৱক ঝাঝা সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব দিছে। একেদৰে এ আই এম আই এমে প্ৰাক্তন সাংসদ মনাজীৰ হাছানক মুংগে সমষ্টিৰ পৰা টিকট দিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।