বিহাৰ বিধানসভা নির্বাচনৰ প্ৰচাৰৰ আজি শেষৰ দিনা বিভিন্ন ৰাজনৈতিক দলৰ নেতা তথা তাৰকা প্ৰচাৰকসকলে ৰাজ্যখনত প্ৰচাৰ অভিযান চলায়। আজি সন্ধিয়া ছয় বজাত প্ৰচাৰ অভিযানৰ অন্ত পৰে। এন ডি এ আৰু মহামিত্রজোটৰ নেতাসকলে বিভিন্ন সমষ্টিত নির্বাচনী সভা আৰু ৰোড শ্ব’ত অংশগ্ৰহণ কৰে। বিজেপিৰ তাৰকা প্ৰচাৰকসকলৰ ভিতৰত কেন্দ্রীয় মন্ত্রী অমিত শ্বাহ, ৰাজনাথ সিং, শিৱৰাজ সিং চৌহান আদিয়ে বিভিন্ন নির্বাচনী সভাত ভাষণ দিয়ে। জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কিষাণগঞ্জ আৰু পূর্ণিয়াত মহামিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। কাইমুৰত এখন নির্বাচনী সভাত অংয লৈ জনতাদল ইউনাইটেডৰ সভাপতি তথা মুখ্যমন্ত্রী নিতীশ কুমাৰে তেওঁৰ শাসনকালত ৰাজ্যখনৰ শক্তিখণ্ডৰ উন্নয়ন হোৱা বুলি উল্লেখ কৰে। ৰাজ্যখনৰ জনসাধাৰণে ১২৫ ইউনিট বিদ্যুত শক্তি বিনামূলীয়াকৈ লাভ কৰিবল সক্ষম হৈছে বুলি তেওঁ উল্লেখ কৰে। সকলোৰে কল্যাণৰ কথা মনত ৰাখি সিদ্ধান্ত গ্ৰহণ কৰাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়, যে এন ডি এ চৰকাৰ পুনৰ ক্ষমতালৈ আহিলে উন্নয়নমূলক কাম-কাজসমূহৰ গতি ত্বৰান্বিত হ’ব। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যোগীআদিত্য নাথে আৰাৰিয়াৰ চিক্তিত এখন নির্বাচনী সভাত ভাষণ দি ৰাজ্যখনত এন ডি এ শাসন কালত ৰে’ল আৰু বিমান যোগাযোগ উন্নীত হোৱা বুলি প্রকাশ কৰে। মহামিত্রজোঁটৰ মুখ্যমন্ত্রীপদৰ প্রার্থী তেজস্বী যাদৱে কাইমুৰত এখন নির্বাচনী সভাত ভাষণ দি তেওঁৰ মাত্র ১৭ মহীয়া শাসন কালত পাঁচ লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰা বুলি উল্লেখ কৰে।
অহা মঙলবাৰে হ’বলগীয়া ৮টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে চলোৱা প্ৰচাৰ অভিযানৰো আজি সামৰণি পৰে। উপ-নির্বাচন হ’বলগীয়া সমষ্টিকেইটা হৈছে- জম্মু-কাশ্মীৰৰ বাদগাম আৰু নাগ্রোতা, ৰাজস্থানৰ আন্তা, ঝাৰখণ্ডৰ ঘাটছিলা, তেলেংগানাৰ জুবিলি হিলছ, পাঞ্জাবৰ তাৰ্নতাৰাং, মিজোৰামৰ দাম্পা আৰু ওড়িশাৰ নৌপাড়া সমষ্টি। এই সমষ্টিকেইটাৰ ভোটগণনা অহা ১৪ নৱেম্বৰত কৰা হ’ব।