বিহাৰ বিধানসভা নির্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ আজি অন্ত পৰিব। এই পৰ্যায়ত মুঠ ২৪৩ খন আসনৰ ভিতৰত ১২২টা সমষ্টিৰ বাবে ১১ নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ’ব। এতিয়ালৈ মুঠ ১০৬৬ গৰাকী প্রার্থীয়ে মনোনয়ন পত্র দাখিল কৰিছে। আজি প্রথম পৰ্যায়ৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। ৰাজ্যখনত অহা ৬ নৱেম্বৰত ১৮ খন জিলাৰ ১২১টা বিধানসভা সমষ্টিত প্রথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। ১৪ নৱেম্বৰত ভোটগণনা কৰা হ’ব। ৰাজ্যখনৰ নিৰ্বাচনী বিষয়াই জনোৱা মতে প্রথম পৰ্যায়ৰ বাবে ১৩৭৫ খন মনোনয়ন বৈধ বিবেচিত হৈছে। ইয়াৰে ১৪৭ গৰাকী মহিলা আৰু ১২৪৭ জন পুৰুষ প্রার্থী।
ইপিনে, ৰাষ্ট্ৰীয় জনতা দল আৰ জে ডিয়ে আজি দলটোৰ ১৪৩ জনীয়া প্রার্থী তালিকা প্রকাশ কৰিছে। পূৰ্বৰ বিহাৰ বিধানসভা নির্বাচনক দলটোৱে ১৪৪ খন আসনত প্রার্থী আগবঢ়াইছিল। এইবাৰ আৰ জে ডিয়ে নিজৰ ছহছা, জামালপুৰ আৰু বেলাডৰ আসনকেইখন মিত্ৰজোঁটৰ নতুন দল দা ইণ্ডিয়ান ইনক্লুছিভ পার্টাক এৰি দিছে। দলৰ জ্যেষ্ঠ নেতা তেজস্বী প্রসাদ য়াদবে বৈশালী জিলাৰ ৰাঘোপুৰ সমষ্টিৰ বাবে প্রার্থিত্ব আগবঢ়াইছে। বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ অবোধ বিহাৰী চৌধুৰীয়ে চিৱান, ভোজপুৰী অভিনেতা খেচাৰী লাল য়াদবে চাপ্রা আসনৰ বাবে প্রার্থিত্ব লাভ কৰিছে।
কংগ্ৰেছে বিহাৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ছজনীয়া প্ৰাৰ্থীৰ তৃতীয়খন তালিকা প্রকাশ কৰিছে। প্রাক্তন মন্ত্রী জেলিল মস্তানে পুর্নিয়াৰ আম’ৰ আসনখনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আৰ জে ডিৰ প্ৰাৰ্থী ৰিচি মিশ্ৰই পাৰস্পৰিক বুজাপৰাৰ মাজেৰে কংগ্ৰেছৰ প্ৰতীক চিহ্নত দাৰভাংগাৰ জেল বিধানসভা সমষ্টিত প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াকে লৈ বিহাৰ বিধানসভা নিৰ্বাচনত প্রতিদ্বন্দ্বিতা আগবঢ়োৱা কংগ্ৰেছৰ প্ৰাৰ্থীৰ সংখ্যা ৬০ লৈ বৃদ্ধি পালে। নির্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন সংস্থা আৰু তদাৰকী গোটসমূহে ২৩ কোটি ৪১ লাখ মূল্যৰ সুৰা জব্দ কৰাৰ লগতে ১৭ কোটি মূল্যৰ মাদক দ্রব্যও জব্দ কৰিছে। প্রথমখন তালিকা প্রকাশ পোৱাৰ পাছত মিত্ৰজোঁটৰ আৰ জে ডি, কংগ্ৰেছ, বিকাশশীল ইনচান পার্টী, চি পি আই এম এলকে ধৰি বামপন্থী দলসমূহৰ মাজত আসনৰ ভাগ-বটোৱাৰাৰ দৃশ্যপট প্রায় স্পষ্ট হৈ পৰিছে।