বিহাৰ বিধানসভাৰ ১২২টা সমষ্টিত দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ আজি পুৱা সাত বজাৰ পৰা আৰম্ভ হৈছে । ৰাজ্যখনৰ ২০খন জিলাত ৩ কোটি ৭০ লাখৰো অধিক ভোটদাতাই আজি এহেজাৰ ৩০২ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰিব। ইয়াৰ ভিতৰত ১৩৪ গৰাকী মহিলা প্রার্থীও আছে। ভোটগ্রহণ সন্ধিয়া ৬ বজাত সামৰণি পৰিব যদিও ৭ টা সমষ্টিত নিৰাপত্তা সম্পৰ্কীয় বিষয়ৰ বাবে বিয়লি ৫ বজাত ভোটগ্রহণ সমাপ্ত হ’ব। এই পৰ্যায়ত ভাৰত-নেপাল সীমান্তৰ সমষ্টিসমূহৰ লগতে মগধ, ক’চি, মিথিলাঞ্চল, সীমাঞ্চল আদিত ভোটগ্ৰহণ কৰা হৈছে। পূব আৰু পশ্চিম চম্পাৰণ জিলাৰ লগতে মধুৱনী, সীতামৰ্হি, ছুপাৱল, কিষাণগঞ্জ, পুর্ণিয়া, কাটিহাৰ, ভগলপুৰ, গয়া, ঔৰাংগাবাদকে ধৰি জিলাসমূহতো ভোটগ্রহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৪৫ হাজাৰটা কেন্দ্ৰত অনুষ্ঠিত ভোটগ্ৰহণৰ সমগ্ৰ প্ৰক্ৰিয়া ৱেবকাষ্টিং কৰাৰ ব্যৱস্থা কৰা হৈছে। উল্লেখযোগ্য যে ৰাজ্যখনত যোৱা ৬ নৱেম্বৰত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত প্রায় ৬৫ শতাংশ ভোটদাতাই ভোটদান কৰিছিল। অহা ১৪ নৱেম্বৰত ভোটগণনা কৰা হ’ব ।
Site Admin | November 11, 2025 11:56 AM | Bihar Election
বিহাৰ বিধানসভাৰ ১২২টা সমষ্টিত দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ আৰম্ভ