ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বিহাৰ বিধানসভাৰ ১২২টা সমষ্টিৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ

বিহাৰ বিধানসভাৰ ১২২টা সমষ্টিত কাইলৈ হ’বলগীয়া দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। নির্বাচন আয়োগে এই নির্বাচন শান্তিপূর্ণ, স্বচ্ছ আৰু নিকাকৈ অনুষ্ঠিত কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। কাইলৈ অন্তিম পৰ্যায়ত ৰাজ্যখনৰ ২০খন জিলাত ৩ কোটি ৭০ লাখৰো অধিক ভোটদাতাই এহেজাৰ ৩০২ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় কৰিব। ইয়াৰ ভিতৰত ১৩৪ গৰাকী মহিলা প্রার্থীও আছে। পুৱা ৭ বজাত ভোটগ্রহণ আৰম্ভ হ’ব আৰু সন্ধিয়া ৬ বজাত সামৰণি পৰিব। অৱশ্যে ৭টা সমষ্টিত নিৰাপত্তা সম্পৰ্কীয় বিষয়ৰ বাবে বিয়লি ৫ বজাত ভোটগ্রহণ সমাপ্ত হ’ব। এই পৰ্যায়ত ভাৰত-নেপাল সীমান্তৰ সমষ্টিসমূহৰ লগতে মগধ, ক’চি, মিথিলাঞ্চল, সীমাঞ্চল আদিত ভোটগ্ৰহণ কৰা হ’ব। পূব আৰু পশ্চিম চম্পাৰণ জিলাৰ লগতে মধুৱনী, সীতামৰ্হি, ছুপাৱল, কিষাণগঞ্জ, পুর্ণিয়া, কাটিহাৰ, ভগলপুৰ, গয়া, ঔৰাংগাবাদকে ধৰি জিলাসমূহত ভোটগ্রহণ নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। কাইলৈ ৪৫ হাজাৰ ভোটগ্রহণ কেন্দ্ৰত ভোটগ্রহণ অনুষ্ঠিত হ’ব। এই সমগ্র প্ৰক্ৰিয়া ৱেবকাষ্টিং কৰা হ’ব। নির্বাচন আয়োগে পাটনাৰ মুখ্য নির্বাচনী কাৰ্যালয়ত বিশেষ নিয়ন্ত্ৰণ আৰু নিৰ্দেশনা কক্ষ স্থাপন কৰিছে। অনুৰূপ নিয়ন্ত্রণ কক্ষ ভোটগ্রহণ হ’বলগীয়া ২০ খন জিলাত স্থাপন কৰা হৈছে। মহিলা সৱলীকৰণৰ লক্ষ্যৰে ৫৯৫ খন ভোটকেন্দ্ৰ কেৱল মহিলা বিষয়া কৰ্মীৰ দ্বাৰা পৰিচালিত হ’ব। একেদৰে ২১টা কেন্দ্ৰ বিশেষভাৱে সক্ষম বিষয়া-কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত কৰা হ’ব। ৩১৬টা আদর্শ ভোটগ্রহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। প্ৰায়বোৰ সমষ্টিতে এন ডি এ আৰু মহামিত্ৰজোঁটৰ প্ৰাৰ্থীৰ মাজত প্রতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে বুলি আকাশবাণীৰ সংবাদদাতাই প্ৰকাশ কৰিছে।

ৰাজ্যখনত যোৱা ছয় নৱেম্বৰত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ ভোটগ্রহণত প্রায় ৬৫ শতাংশ ভোটদাতাই ভোটদান কৰে। অহা ১৪ নৱেম্বৰত ভোট গণনা কৰা হ’ব।