■ বিহাৰ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ আজি পুৱা ৭ বজাত আৰম্ভ হৈছে। এই পৰ্যায়ত আজি ৰাজ্যখনৰ ১৮ খন জিলাৰ ১২১টা সমষ্টিৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হৈছে। পাটনা, ৱৈশালী, নালন্দা, ভোজপুৰ, মুংগেৰ, চৰণ, শিৱান, বেগুচৰাই, লক্ষীচৰাই, গোপালগঞ্জ, মুজফ্ফ্ফৰপুৰ, দাৰভাংগা, মাধেপুৰ, চৰ্দশাৰ সমষ্টিসমূহৰ বাবে ভোটগ্রহণ কৰা হৈছে। ভোটগ্রহণ সন্ধিয়া ৬ বজাত সামৰণি পৰিব। অৱশ্যে নিৰাপত্তাজনিত কাৰণত কেইবাটাও বিধানসভা সমষ্টিৰ ২৬টা ভোটগ্রহণ কেন্দ্ৰত বিয়লি ৫ বজাত ভোটগ্ৰহণৰ সামৰণি পৰিব। নির্বাচন মুক্ত, নিকা আৰু শান্তিপূর্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। নিৰ্বাচনী প্ৰক্ৰিয়া নিৰীক্ষণ কৰাৰ বাবে আটাইবোৰ ভোটকেন্দ্ৰত ৱেৱকাষ্টিঙৰ ব্যৱস্থা কৰাৰ লগতে নিয়ন্ত্রণ কক্ষ স্থাপন কৰা হৈছে। কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ লগতে ৰাজ্যিক আৰক্ষী বাহিনীক ভোটগ্রহণ কেন্দ্ৰসমূহত নিয়োগ কৰা হৈছে। ভোটাৰসকলৰ সুবিধাৰ বাবে অতিৰিক্ত ৩২০টা আদর্শ ভোটগ্রহণ কেন্দ্ৰ স্থাপন কৰা হৈছে৷
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৩ কোটি ৭৫ লাখ ভোটদাতাই ১,৩১৪ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় কৰিব। এইবাৰ ১২২ গৰাকী মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ৰাজ্যখনত অহা ১১ নৱেম্বৰত দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হ’ব। ১৪ নৱেম্বৰত ভোটগণনা কৰা হ’ব।
Site Admin | November 6, 2025 11:07 AM | Akashvani | Akashvani News | Bihar | Bihar Election | Political | Political News
বিহাৰ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ আজি পুৱা ৭ বজাৰ পৰা আৰম্ভ