অর্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটীয়ে আজি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত হোৱা বৈঠকত প্রায় ৩ হাজাৰ ১৬৯ কোটি টকা ব্যয়সাপেক্ষ বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিম বংগৰ ভাগলপুৰ-ডুমকা- ৰামপুৰহাট সংযোগী ১৭৭ কিলমিটাৰ দ্বৈত ৰেলপথ প্ৰকল্পত অনুমোদন জনায়। কেবিনেটে বক্সাৰ, ভাগলপুৰ হাইস্পীড কৰিড’ৰৰ মোকামা-মুংগৰত চাৰি-লেনযুক্ত নতুন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ প্ৰকল্পতো অনুমোদন জনায়। প্রকল্পটো সৰ্বমুঠ ৮২ কিলোমিটাৰ আৰু ইয়াত আনুমানিক ব্যয় ৪ হাজাৰ ৪৪৭ কোটি টকা ব্যয় হ’ব। বৈঠকৰ পাছত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সংবাদ মাধ্যমৰ আগত কয় যে ইয়াৰ দ্বাৰা যাতায়ত ব্যৱস্থা সুচল হোৱাৰ লগতে ভাৰতীয় ৰে’লৱে বৰ্ধতি দক্ষতা আৰু সেৱাৰ নিৰ্ভৰযোগ্যতা প্ৰদান কৰিব। তেওঁ কয় যে বহু-পথযুক্ত ব্যৱস্থাৰ প্ৰস্তাৱে কাম-কাজ সহজ কৰি তোলাৰ লগতে যান-জঁট হ্ৰাস কৰিব আৰু ভাৰতীয় ৰে’লৰ আন্তঃগাঁথনি উন্নত হ’ব। মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে এই প্রকল্পসমূহ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী নৱ ভাৰতৰ দৃষ্টিভংগীৰ সৈতে মিল আছে, যিয়ে অঞ্চলটোৰ জনসাধাৰণক সর্বাঙ্গীন উন্নয়নৰ মাধ্যমেৰে আত্ম-নিৰ্ভৰ কৰি কৰ্মসংস্থাপন বৃদ্ধি কৰিব ।
Site Admin | September 10, 2025 8:01 PM | Cabinet Decession
বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিম বংগত দ্বৈত ৰেলপথ প্ৰকল্পত কেবিনেটৰ অনুমোদন