ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

January 2, 2025 4:10 PM | Bihar

printer

বিহাৰ আৰু কেৰালাত নৱনিযুক্ত ৰাজ্যপাল দুগৰাকীৰ শপত গ্ৰহণ সম্পন্ন

বিহাৰ আৰু কেৰালাত নৱনিযুক্ত ৰাজ্যপাল দুগৰাকীয়ে আজি শপত গ্ৰহণ কৰিছে। বিহাৰত নৱনিযুক্ত ৰাজ্যপাল আফি মহম্মদ খানে আজি ৰাজ্যখনৰ ৪২ সংখ্যক ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে। পাটনা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কে বিনোদ চন্দ্ৰনে পাটনা ৰাজভৱনত আয়োজিত এটা অনুষ্ঠানত ৰাজ্যপালগৰাকীক শপত গ্ৰহণ কৰোৱায়। এই অনুষ্ঠানত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, উপ-মুখ্যমন্ত্রীদ্বয় সম্ৰাট চৌধাৰী, বিজয় কুমাৰ সিন্হা আৰু বিৰোধী পক্ষৰ নেতা তেজস্বী প্ৰসাদ যাদৱৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। পূৰ্বে কেৰালাৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰা খান ৰাজেন্দ্ৰ বিশ্বনাথ অলেকাৰৰ স্থলাভিষিক্ত হৈছে। শেহতীয়াকৈ ৰাজ্যপালসকলৰ সালসলনিৰ বাবে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি শ্ৰী আলেকাৰক কেৰালাৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হয়। শ্ৰী আলেকাৰেও আজি কেৰালাৰ ২৩ সংখ্যক ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে। কেৰালাৰ ৰাজভৱনত আয়োজিত অনুষ্ঠানত ৰাজ্যখনৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নীতিন মধুকড় জামদাৰে তেওঁক শপত গ্ৰহণ কৰোৱায়। অনুষ্ঠানত ৰাজ্যখনৰ মুখ্যমন্ত্রী পিনাৰায় বিজয়ন, বিৰোধী পক্ষৰ কেইবাগৰাকীও নেতাৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।