ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ মহিলাসকলৰ কৰ্ম সংস্থাপনৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ আঁচনিৰ শুভাৰম্ভ

বিহাৰত আজি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে মহিলাসকলৰ কৰ্ম সংস্থাপনৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ আঁচনিৰ শুভাৰম্ভ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আঁচনিখনৰ প্ৰচাৰৰ বাবে এটা প’ৰ্টেলো মুকলি কৰে। এই আঁচনিৰ অধীনত ৰাজ্যৰ প্ৰতিটো পৰিয়ালৰ পৰা এগৰাকী মহিলাক নিজৰ পছন্দ অনুযায়ী ব্যৱসায় আৰম্ভ কৰিবলৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব। আৰ্থিক সাহায্যৰ প্ৰথম কিস্তি হিচাপে প্ৰতিগৰাকী নিৰ্বাচিত মহিলাই নিজৰ ব্যৱসায়িক কার্যকলাপ আৰম্ভ কৰিবলৈ প্ৰত্যক্ষ লাভ হস্তান্তৰৰ জৰিয়তে ১০ হাজাৰ টকা লাভ কৰিব। পৰৱৰ্তী পৰ্যায়ত ব্যৱসায়িক কার্যকলাপ আৰম্ভ হোৱাৰ ছমাহৰ পাছত মূল্যায়ণ কৰা হ’ব আৰু প্ৰয়োজন হ’লে নিৰ্বাচিত মহিলা হিতাধিকাৰীক দুই লাখ টকা পৰ্যন্তচ অতিৰিক্ত সহায় আগবঢ়োৱা হ’ব। এই আঁচনিখনৰ অংশ হিচাপে মহিলাসকলে নিৰ্মাণ কৰা সামগ্রী বিক্ৰিৰ বাবে সমগ্ৰ গাঁও আৰু চহৰত স্থানীয় বজাৰ অথবা হাট গঢ়ি তোলা হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।