বিহাৰৰ মতিহাৰীৰ গান্ধী মৈদানত আজি অনুষ্ঠিত হোৱা এখন সভাত ভাষণ দি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে বৰ্তমানৰ চৰকাৰখন কেৱল পিছপৰা অঞ্চলসমূহেই নহয়, পিছপৰা শ্ৰেণীৰ লোকসকলৰ উন্নতিৰ হকে কাম কৰিবলৈ বদ্ধপৰিকৰ। তেওঁ লগতে কয়, যে বৰ্তমানৰ এন ডি এ চৰকাৰখনে দুখীয়া লোকসকলক আগবঢ়াই নিবলৈ বহুবোৰ কাৰ্যপন্থা গ্ৰহণ কৰিছে আৰু বৰ্তমান চলি থকা উন্নয়নমূলক আঁচনিসমূহে এই কথাকে প্রতিফলিত কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে দেশৰ পিছপৰা ১০০খন জিলাৰ বাবে বৰ্তমানৰ চৰকাৰে কেইবাখনো আশাবাদী আঁচনি গ্ৰহণ কৰিছে আৰু ১০০খন জিলাৰ কৃষিভিত্তিক উৎপাদন বৃদ্ধিৰ বাবে পি এম ধন ধন্য যোজনা আৰম্ভ কৰা হৈছে –যাৰ জৰিয়তে ১ কোটি ৭৫ লাখ খেতিয়কক উপকৃত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। তেওঁ জনায় যে তেওঁৰ কাৰ্যকালতেই পিছপৰা শ্রেণীৰ বাবে থকা বিশেষ ৰাষ্ট্ৰীয় আয়োগে সংবিধানৰ মৰ্যাদা পাবলৈ সক্ষম হৈছে আৰু জনজাতীয় লোকসকলৰ সবলীকৰণৰ বাবে ২৫ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে প্রধানমন্ত্রী জম মন যোজনা মুকলি কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয়, যে তেওঁৰ নেতৃত্বৰ চৰকাৰখনে পশ্চিম প্রান্তৰ দৰেই পূৰ্বাঞ্চলৰ বিকাশৰ বাবেও কাম কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁ উল্লেখ কৰে যে বৰ্তমানৰ পাটনাখন ঔদ্যোগিক উন্নতিৰ দিশত পুণেৰ দৰেই বিকশিত হৈ উঠিব লাগিব আৰু লগতে মতিহাৰী, গয়াজী, জলপাইগুৰি, বীৰভূমৰ দৰে পূৰ্বাঞ্চলীয় চহৰসমূহ মুম্বাই, গুৰুগ্ৰাম, চুৰাট, বেংগালুৰু আৰু আন আন বিকশিত চহৰসমূহৰ দৰে আগবাঢ়ি যাব লাগিব। পূৰ্বাঞ্চলীয় ৰাজ্যসমূহৰ উন্নতি নোহোৱালৈকে ভাৰতবৰ্ষ এখন বিকশিত দেশ হিচাপে প্রতিষ্ঠিত হ’ব নোৱাৰে বুলিও তেওঁ উল্লেখ কৰে। ভাষণ প্ৰসঙ্গত তেওঁ ৰাষ্ট্ৰীয় জনতা দল আৰু কংগ্ৰেছ দলৰ শাসনকালত বিহাৰ একেবাৰে পিছ পৰি ৰ’ল বুলি উল্লেখ কৰে। তেওঁ আৰু কয় যে ইউ পি এ চৰকাৰৰ শাসনকালত বিহাৰক মাহীআইৰ চকুৰে চোৱা হৈছিল। ইউ পি এ চৰকাৰৰ ১০ বছৰৰ কাৰ্যকালত বিহাৰলৈ মাত্র ২ লাখ কোটি টকাৰ অনুদানহে আগবঢ়োৱা হৈছিল। কিন্তু বৰ্তমানৰ এন ডি এ চৰকাৰখনে ২০১৪ পৰা এই পর্যন্ত অনুদানৰ ক্ষেত্ৰত কোনো ধৰণৰ ত্ৰুটি ৰখা নাই। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বিহাৰৰ বিকাশৰ উদ্দেশ্যে একেলগে কাম কৰাৰ কথাও তেওঁ উল্লেখ কৰে। তেওঁ লগতে আৰ জে ডি আৰু কংগ্ৰেছৰ পক্ষে আগবাঢ়ি গৈ কাম নকৰিবলৈও যুৱ প্ৰজন্মক আহ্বান জনায়। তেওঁ জনায় যে এন ডি চৰকাৰে নৱনিযুক্ত কৰ্মচাৰীসকলৰ বাবে ১৫ হাজাৰ টকা পৰ্যন্ত উদগণিমূলক ভাট্টা প্ৰদানৰ ব্যৱস্থা কৰিছে। প্রধামন্ত্ৰীগৰাকীয়ে ইয়াৰ আগতে মতিহাৰীত ৭ হাজাৰ ২০০ কোটি টকা ব্যয়সাপেক্ষ বহুকেইটা বিকাশৰ আঁচনিৰো শুভাৰম্ভ কৰে।
Site Admin | July 18, 2025 8:43 PM | PM in Bihar
বিহাৰৰ মতিহাৰীৰ গান্ধী মৈদানৰ জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ