September 10, 2025 7:50 PM | Bihar-Nepal Border

printer

বিহাৰৰ ভাৰত-নেপাল সীমান্তত নিৰাপত্তা ব্যৱস্থা কটকটীয়া

নেপালত উদ্ভৱ হোৱা হিংসাত্মক প্রতিবাদ আৰু সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত বিহাৰৰ ভাৰত-নেপাল সীমান্তত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। সীমান্তৰ বাণিজ্যিক তালাচী চকী আৰু অন্যান্য প্রবেশ পথত বিশেষ সতর্কতা অৱলম্বন কৰা হৈছে। বিহাৰ আৰক্ষী আৰু সশস্ত্র সীমা বলে সীমান্তত যিকোনো ব্যক্তিৰ আহ-যাহৰ ওপৰত চোকা দৃষ্টি ৰাখিছে। উল্লেখযোগ্য যে বিহাৰৰ ৭২৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰত- নেপাল সীমান্তই পূৱ চম্পাৰণ, পশ্চিম চম্পাৰণ, সীতামাৰি, মধুৱানি, চুপল, আৰাড়িয়া আৰু কিষাণগঞ্জ নামৰ সাতখন জিলা স্পৰ্শ কৰে। দুয়োখন দেশৰে সীমান্তৰ এটা বৃহৎ অঞ্চল মুক্ত অৱস্থাত থকা হেতুকে বিশেষ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। মধুৱানি জিলাৰ আৰক্ষী অধীক্ষক যোগেন্দ্ৰ কুমাৰে কয় যে সীমান্তৰ সকলো পহৰা চকীক সতৰ্ক কৰি দিয়া হৈছে। আৰক্ষী অধীক্ষকগৰাকীয়ে মধুৱানিৰ সীমান্তৱৰ্তী অঞ্চলসমূহ পৰিদৰ্শন কৰে। পূব চম্পাৰণ জিলাৰ আৰক্ষী অধীক্ষকে জনায় যে সীমান্তৰ সকলো অঞ্চলতে সতর্কতাৰে আৰক্ষী আৰু সশস্ত্ৰ সীমা বলৰ জোৱানে তহল অব্যাহত ৰাখিছে। অস্থিৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত নেপালৰ জনকপুৰ আৰু ভাৰতৰ জয়নগৰৰ মাজৰ ৰে’ল সেৱা সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে। নেপাল কৰ্তৃপক্ষৰ অনুৰোধত পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত এই ৰেলসেৱা স্থগিত ৰখা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।