ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বিহাৰৰ বিশেষ বিস্তৃত পুনৰীক্ষণৰ সত্যতাৰ কথা দেশবাসীৰ আগত অতি শীঘ্ৰেই ফাদিল হ’বঃ ৰাহুল গান্ধী

■ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বিহাৰৰ অনাগত বিধানসভা নিৰ্বাচনত বিশেষ বিস্তৃত পুনৰীক্ষণৰ জৰিয়তে বৰ্তমানৰ ভোটদাতাসকলৰ নাম নাইকীয়া কৰি নতুন ভোটদাতাৰ নাম অন্তৰ্ভুক্তিকৰণৰ চেষ্টা চলাই থকা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে। এই নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অংশ হিচাপে বিহাৰৰ চাচাৰামৰ চুৱাৰা হাৱাই আড্ডা ময়দানত ভোটদাতাৰ অধিকাৰ সমদলৰ উদ্বোধনৰ পূৰ্বে এখন সভাত ভাষণ প্ৰদান কৰি শ্ৰীগান্ধীয়ে কয়, যে বিশেষ বিস্তৃত পুনৰীক্ষণৰ সত্যতাৰ কথা দেশবাসীৰ আগত অতি শীঘ্ৰেই ফাদিল হ’ব। তেওঁ লগতে নির্বাচন আয়োগৰ ভূমিকাৰ ওপৰতো সন্দেহ প্ৰকাশ কৰে। দুখীয়া আৰু দুৰ্বল শ্ৰেণীৰ ভোটাধিকাৰ যাতে খৰ্ব নহয়, ইয়াৰ বাবে যৎপৰোনাস্তি চেষ্টা চলোৱা হ’ব বুলিও তেওঁ উল্লেখ কৰে। তেওঁ লগতে তেওঁৰ দলে মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ ভোটদানৰ ক্ষেত্ৰত হোৱা বিসংগতি ধৰা পেলাইছিল বুলিও জানিবলৈ দিয়ে। এই সমদলত কংগ্ৰেছ দলৰ সভাপতি মল্লিকার্জুন খাৰ্গে, আৰ জে ডি দলৰ নেতা তেজস্বী প্ৰসাদ যাদৱ, চি পি আই এম এল দলৰ নেতা দীপাংকৰ ভট্টাচাৰ্য্য আৰু আই এন ডি আই মিত্ৰজোটৰ বহুতো দলৰ জ্যেষ্ঠ নেতা উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।