September 15, 2025 8:33 PM | PM Modi in Bihar

printer

বিহাৰৰ বিভিন্ন উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ পুৰ্ণিয়া জিলাৰ পৰা ৪০ হাজাৰ কোটি টকাৰো অধিক ব্যয়েৰে ৰাজ্যখনৰ বিভিন্ন উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। পুৰ্ণিয়া জিলাৰ গোলাপবাগত আয়োজিত এখন ৰাজহুৱা সভাত ভাষণ দি প্রধানমন্ত্ৰীগৰাকীয়ে কয় যে বিহাৰৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মান সহজ কৰাৰ বাবে দ্বৈত ইঞ্জিন চৰকাৰে একেৰাহে কাম কৰি আছে। প্রধানমন্ত্ৰী মোদীয়ে নতুনকৈ নিৰ্মাণ কৰা পুৰ্ণিয়া বিমানবন্দৰটো মুকলি কৰে। এই বিমান বন্দৰটোৰ পৰা ঘৰুৱা বিমান সেৱা আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে আজি কৈছে যে কেন্দ্ৰীয় চৰকাৰে সামগ্ৰী আৰু সেৱাকৰ অধিক হ্ৰাস কৰিছে আৰু অহা নৱৰাত্ৰীৰ পৰা ই কাৰ্যকৰী হ’ব। ইয়াৰ ফলত জনসাধাৰণৰ দৈনন্দিন ব্যৱহৃত সামগ্ৰী তথা খাদ্য সামগ্ৰীৰ মূল্য হ্ৰাস পাব। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰ বিহাৰ, পশ্চিমবংগ আৰু অসমৰ পৰা অনুপ্ৰৱেশকাৰী মুক্ত কৰাৰ বাবে দায়বদ্ধ। শ্রীমোদীয়ে আজিৰ অনুষ্ঠানত কয় যে অপশাসনৰ বাবে ৰাজ্যখনৰ জনসাধাৰণে আৰ জে দি আৰু কংগ্ৰেছ দলক ক্ষমতাৰ পৰা অপসাৰিত কৰি ৰাখিছে।
শ্রীমোদীয়ে লগতে ৰাষ্ট্ৰীয় মখনা বোর্ডো মুকলি কৰে। তেওঁ কয় যে বিহাৰৰ জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি অনুসৰি কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় মখনা বোর্ড প্ৰতিষ্ঠা কৰাৰ বাবে কালি এখন জাননী জাৰি কৰে। দেশৰ তথা বিহাৰৰ মখনা খেতিয়কসকলৰ লাভান্বিত কৰাৰ বাবে তথা মখনাৰ উৎপাদন তথা নতুন প্রযুক্তি, তথা মখনাৰ সংৰক্ষণৰ ব্যৱস্থাপনা তথা ৰপ্তানিৰ ক্ষেত্ৰত এই বোর্ডে সহায় কৰিব। উল্লেখযোগ্য যে দেশৰ মখনাৰ উৎপাদনত বিহাৰে ৯০ শতাংশ অৰিহণা যোগাই আহিছে। ৰাজ্যখনৰ মধুবনি, দাৰভাংগা, ছিটামাৰী, ছাহছা, কাতিহাৰ, পুর্ণিয়া, চৌপাল, কিষাণগঞ্জ, আৰু আৰাৰিয়াত বিশেষকৈ অধিক মখনা উৎপাদন হয়। এই মখনা বোর্ড স্থাপনৰ ফলত ৰাজ্যখনত মখনাৰ উৎপাদন অধিক হ’ব আৰু এই ক্ষেত্ৰত বিহাৰক বিশ্বৰ মানচিত্ৰত প্ৰতিষ্ঠিত কৰিব।
প্রধানমন্ত্রী মোদীয়ে আজি বিহাৰৰ ভগলপুৰত দুহেজাৰ ৪০০ মেগাৱাট তাপবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। উল্লেখযোগ্য যে ২৫ হাজাৰ কোটি টকা বিনিয়োগেৰে এইটো হৈছে ৰাজ্যখনৰ বৃহৎ ব্যক্তিগত খণ্ডৰ তাপবিদ্যুৎ প্রকল্প। শ্রীমোদীয়ে লগতে ২ হাজাৰ ৬৮০ কোটিৰো অধিক মূল্যৰ ক’চি মেচি আন্তঃৰাজ্যিক নদী সংযোগ প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পৰ ফলত জলসিঞ্চন ব্যৱস্থা প্ৰসাৰিত কৰা হ’ব। ইয়াৰ ফলত বান নিয়ন্ত্ৰণ কৰাৰ লগতে ৰাজ্যখনৰ ভালেমান জিলাত কৃষিৰ ক্ষেত্ৰত উপযোগী হ’ব। প্ৰধানমন্ত্রীয়ে লগতে কেইবাখনো নতুন ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰাৰ লগতে ভালেমান ৰে’ল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। শ্ৰীমোদীয়ে বিক্রমশিলা আৰু কাৰ্টাৰীয়াৰ মাজত দুহেজাৰ ১৭০ কোটিৰো অধিক মূল্যৰ ৰে’ল পথ নিৰ্মাণৰ শুভাৰম্ভ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।