● বিহাৰৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। এন ডি এ, আৰু মহা মিত্ৰজোঁটৰ তাৰকা প্ৰচাৰকসকলে নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে। নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ উপৰি ভিন ভিন ৰাজনৈতিক দলৰ নেতা-কৰ্মীসকলে সমদল, জনসভা আদিৰ জৰিয়তে ভোটদাতাৰ মন আকৰ্ষণৰ বাবে আপ্রাণ চেষ্টা চলাই আছে।
কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিঙে আজি বিহাৰৰ বৈশালী জিলাৰ ৰঘুপুৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থীৰ হকে নির্বাচনী প্ৰচাৰ চলাব। তেওঁ পাটনাৰ ফাটুহা, চহৰছাৰ চিত্ৰী ভক্তিয়াৰপুৰ আৰু মুংগেৰৰ তাৰাপুৰত হ’বলগীয়া নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব।