ডাউনলোড
মোবাইল এপ

android apple
signal

বিহাৰৰ পাটনাত খেল’ ইণ্ডিয়া যুৱ ক্রীড়া মহোৎসৱ ২০২৫

বিহাৰৰ ৰাজধানী পাটনাৰ পাতলিপুত্ৰ ক্ৰীড়া চৌহদত আজি বিয়লি আকর্ষণীয় অনুষ্ঠানেৰে খেল’ ইণ্ডিয়া যুৱ ক্রীড়া মহোৎসৱ ২০২৫ আৰম্ভ হ’ব। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু কেন্দ্ৰীয় ক্রীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই এই মহোৎসৱৰ উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ বার্তাযোগে প্রতিযোগিতাত ভাগ লোৱা এথলিটসকলক উদ্দেশি ভাষণ দিব। ১৫ মে’লৈ হ’বলগীয়া এই প্রতিযোগিতাত ১৮ বছৰ অনুৰ্ধৰ ৮৫০০ ৰো অধিক প্ৰতিভাবান খেলুৱৈয়ে ২৮ টা শিতানত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। বিহাৰৰ পাটনা, ৰাজগীৰ, গয়া, ভাগলপুৰ আৰু বেগু চৰাইসহ ছখন চহৰত প্রতিযোগিতাৰ ২৮ টা শিতানৰ খেল অনুষ্ঠিত হ’ব। তিনিটা শিতানৰ খেল নতুন দিল্লীত খেলোৱা হ’ব। কেন্দ্ৰীয় চৰকাৰৰ খেল’ ইণ্ডিয়া উদ্যমৰ অধীনৰ এই প্ৰতিযোগিতাৰ এইবাৰৰ সপ্তম সংস্কৰণত প্ৰায় পাঁচ হাজাৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। প্ৰতিযোগিতাত সেনা বাহিনীৰ উপৰি দেশৰ ৩৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ এই খেলুৱৈসকলে ২৮ টা শিতানত প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ’ব। নতুন দিল্লীত শ্বুটিং, জিমনাষ্টিকছ্ আৰু ট্রেক চাইক্লিং শিতানৰ খেলসমূহ অনুষ্ঠিত হ’ব। বাকী শিতানৰ খেলসমূহ বিহাৰত খেলোৱা হ’ব। পাটনাৰ পাতলিপুত্ৰ ক্ৰীড়া চৌদহত আজি আকর্ষণীয় অনুষ্ঠানেৰে এই ক্রীড়া প্রতিযোগিতা আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব। আজিয়ে কাবাডী, আৰ্চাৰী আৰু ভলীবলৰ খেলসমূহ আৰম্ভ হ’ব। আকাশবাণীয়ে খেল’ ইণ্ডিয়া যুৱ ক্ৰীড়া মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানৰ পোনপটীয়া বিৱৰণী প্ৰচাৰ কৰিব। বিয়লি ৫ বাজি ৫৫ মিনিটৰ পৰা এই বিবৰণী প্ৰচাৰ কৰা হ’ব। নিউজ অন এ আই আৰ ম’বাইল এপ, প্ৰসাৰ ভাৰতী স্পোর্টছ ইউটিউব চেনেল আৰু ডিটিএইছ যোগে এই বিৱৰণী শুনিবলৈ পোৱা যাব।

অধিক পঢ়ক

সকলো চাওক