প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে অপাৰেশ্যন সিন্দুৰে ভাৰতৰ সামৰিক কৌশলগত ৰণনীতিৰ ক্ষেত্ৰত নতুন ৰেখা অংকন কৰিবলৈ সক্ষম হৈছে। তেওঁ কয়, যে ভাৰতলৈ সন্ত্ৰাসবাদী পঠিওৱা অথবা ভাৰতক আক্ৰমণ কৰিবলৈ পৰিকল্পনা কৰা কোনো পক্ষই এতিয়াৰ পৰা সাৰি যাব নোৱাৰে। পৃথিৱীপৃষ্ঠৰ যিকোনো প্রান্ততে লুকাই থকা যিকোনো সন্ত্রাসবাদীকে ভাৰতীয় মিছাইলে বিচাৰি উলিয়াই তেওঁলোকক ধ্বংস কৰাৰ ক্ষমতা এতিয়া ভাৰতৰ আছে। বিহাৰৰ গয়াত আজি ১২ হাজাৰ কোটি টকা মূল্যৰ বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে এনেদৰে মন্তব্য আগবঢ়ায়। এই প্রকল্পসমূহৰ ভিতৰত শক্তি, পথ, স্বাস্থ্য, নগৰ বিকাশ আৰু জল পৰিবহন অন্তৰ্ভুক্ত হৈ আছে। শ্রীমোদীয়ে লগতে গয়া আৰু দিল্লীৰ মাজত চলাচল কৰিবলগীয়া অমৃত ভাৰত এক্সপ্ৰেছ ৰে’লগাড়ীখনৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে আৰু পৰ্যটনৰ ক্ষেত্ৰত উল্লেযোগ্য ভূমিকা গ্ৰহণ কৰিব পৰা বৈশালী আৰু কোডাৰৰ্মাৰ মাজত চলাচল কৰিবলগা বুদ্ধিষ্ট চাৰ্কিট ৰে’লগাড়ীখনো শুভাৰম্ভ কৰে। এই বিশেষ ৰে’লগাড়ীখনে এই অঞ্চলত থকা বিভিন্ন ধর্মীয় অঞ্চলসমূহ ভ্ৰমণ কৰাত যাত্ৰীসকলক সহায় কৰিব। শ্রীমোদীয়ে কয় যে দেশত বর্তমান বাঢ়ি অহা অনুপ্রবেশকাৰীৰ সংখ্যাই গভীৰ সমস্যাৰ সৃষ্টি কৰিছে। তেওঁ লগতে বিহাৰৰ বৰ্তমানৰ পৰিৱৰ্তন হোৱা মানচিত্ৰৰ কথা উল্লেখ কৰি এই অনুপ্ৰবেশকাৰীসকলক ভৱিষ্যতে বাধা প্ৰদান কৰা হ’ব বুলিও জানিবলৈ দিয়ে। বিহাৰৰ যুৱ প্ৰজন্মৰ বাবে থকা নিয়োগৰ সুযোগ কোনো ধৰণে এই অনুপ্রবেশকাৰীসকলক দিয়া নহ’ব বুলিও তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে কেন্দ্ৰীয় চৰকাৰৰ বাবে বিহাৰৰ দ্ৰুত বিকাশ এটা প্রধান প্রাথমিকতা। তেওঁ আৰু কয়, যে আজি উন্মোচন হোৱা বিহাৰৰ প্ৰকল্পসমূহে ৰাজ্যখনৰ ঔদ্যোগিক ক্ষেত্ৰখন শক্তিশালী কৰি তুলিব আৰু ৰাজ্যৰ যুৱ প্ৰজন্মৰ বাবে নিয়োগৰ সুবিধাৰ সৃষ্টি কৰিব। যোৱা ১১ বছৰত দেশত ৪ কোটিতকৈও অধিক দুখীয়া পৰিয়ালক স্থায়ী আৱাসস্থল প্ৰদান কৰা আৰু বিহাৰত ৩৮ লাখ ঘৰ ইতিমধ্যে নিৰ্মাণ কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। তেওঁ লগতে কয়, যে কেন্দ্ৰৰ দ্বৈত ইঞ্জিনৰ চৰকাৰখনে বিহাৰৰ ৰেল বিভাগৰ বিকাশৰ বাবে দ্ৰুতগতিত কাম কৰি আছে। অমৃত ভাৰত ষ্টেচন আঁচনিৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই আঁচনিৰ জৰিয়তে গয়া ৰেল ষ্টেচনৰ আধুনিকীকৰণ তথা যাত্ৰীসকলক বিমান বন্দৰত প্ৰদান কৰা সুবিধাৰ দৰে একে সুবিধাই প্ৰদান কৰা হৈছে বুলি জানিবলৈ দিয়ে ।
Site Admin | August 22, 2025 8:09 PM | PM in Bihar
বিহাৰৰ গয়াত ১২,০০০ কোটি টকাৰ বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ