বিহাৰত নতুন চৰকাৰ গঠনৰ বাবে বিভিন্ন পক্ষৰ মাজত ব্যস্ততাপূর্ণ আলাপ-আলোচনা অব্যাহত

বিহাৰত নতুন চৰকাৰ গঠনৰ বাবে বিভিন্ন পক্ষৰ মাজত ব্যস্ততাপূর্ণ আলাপ-আলোচনা অব্যাহত আছে। এন ডি এৰ সহযোগী দলসমূহে চৰকাৰ গঠনৰ প্ৰয়াসেৰে পাটনা আৰু নতুন দিল্লী উভয়তে সম্প্ৰতি অবিৰতভাৱে বৈঠকত অংশগ্ৰহণ কৰিছে। এনে বৈঠকত এখন নতুন মন্ত্ৰীসভা গঠন আৰু প্ৰস্তাৱিত মন্ত্রীসভাখনত অংশীদাৰ দলসমূহৰ প্ৰতিনিধিত্বকে ধৰি ভিন ভিন বিষয়ক লৈ আলোচনা কৰা হৈছে।

উল্লেখযোগ্য যে জনতা দল ইউনাইটেডৰ নেতা নিৰ্বাচনৰ বাবে পাটনাত আজি দলটোৰ এখন বৈঠকৰ আয়োজন কৰা হৈছে। শেহতীয়া নিৰ্বাচনত জয়লাভ কৰা দলটোৰ ৮৫ গৰাকী বিধায়কৰ মাজৰ পৰা নীতিশ কুমাৰকে জে ডি ইউৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচন কৰাৰ সম্ভাৱনা প্ৰকাশ পাইছে। একেদৰে বিজেপিয়েও আজি তেওঁলোকৰ বিধায়িনী দলৰ নেতাগৰাকী নিৰ্বাচন কৰাৰ সম্ভাৱনা আছে। তদুপৰি এন ডি এৰ সকলো সহযোগী দলৰ বিধায়কসকলৰ এখন বৈঠক আজিয়েই অনুষ্ঠিত হ’ব পাৰে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে কেন্দ্ৰীয় মন্ত্রী তথা লোক জনশক্তি পাৰ্টী ৰামবিলাসৰ সভাপতি চিৰাগ পাচোৱান, হিন্দুস্তানী আৱাম মৰ্চাৰ সভাপতি সন্তোষ সুমন তথা এন ডি এৰ কেইবাগৰাকীও নেতাই জনতা দল ইউনাইটেডৰ সভাপতি তথা মুখ্যমন্ত্ৰী নীতিশ কুমাৰক কালি পাটনাত সাক্ষাৎ কৰে। এই বৈঠকত চৰকাৰ গঠন সন্দৰ্ভত অনানুষ্ঠানিক আলোচনা কৰা হয়। জে ডি ইউৰ কাৰ্যকৰী সভাপতি সঞ্জয় ঝা আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙেও জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহক ইতিপূর্বে নতুন দিল্লীত সাক্ষাৎ কৰে।