দিল্লীৰ ভয়াৱহ বিস্ফোৰণৰ ঘটনাৰ তদন্তৰ দায়িত্ব এন আই এ-ক অর্পণ কৰা হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সংস্থাটোক আজি তদন্তৰ দায়িত্ব অর্পণ কৰে৷

এই বিস্ফোৰণৰ আঁৰত থকা ষড়যন্ত্ৰকাৰীক কোনো কাৰণতে ক্ষমা কৰা নহ’ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সকীয়াই দিয়ে। পাৰ্বত্য ৰাষ্ট্ৰ ভূটানৰ ৰাজধানী থিঙ্কুৰ এটা অনুষ্ঠানত ভাষণ দি তেওঁ কয়, যে বিস্ফোৰণত জড়িত প্ৰতিজন দোষীকে কঠোৰ শাস্তি বিহা হ’ব। তেওঁ লগতে কয়, যে যোৱনিশাৰে পৰা তেওঁ দিল্লী বিস্ফোৰণৰ ঘটনাৰ তদন্তকাৰী সংস্থাসমূহৰ সৈতে যোগাযোগত আছে। তদন্ত সংস্থাসমূহে সমগ্ৰ ঘটনাৰ উঁহ উলিয়াবলৈ সমৰ্থ হ’ব বুলিও তেওঁ নিশ্চিতি দিয়ে। দুৰ্ভগীয়া পৰিয়ালকেইটাৰ দুখ তেওঁ অনুভৱ কৰিব পাৰিছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয়, যে সমগ্র দেশ তেওঁলোকৰ লগত আছে।

গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীৰ তেওঁৰ বাসভৱনত এই বোমা বিস্ফোৰণৰ পাছৰ পৰিস্থিতি পৰ্যালোচনা কৰাৰ উদ্দেশ্যে এখন উচ্চস্তৰীয় বৈঠকত অংশ লয়। কেন্দ্রীয় গৃহ সচিব, চোৰাংচোৱা সংস্থাৰ সঞ্চালক, দিল্লীৰ আৰক্ষী আয়ুক্ত আৰু ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ সঞ্চালকপ্ৰধানে এই বৈঠকত অংশগ্ৰহণ কৰে । জম্মু-কাশ্মীৰ আৰক্ষীৰ সঞ্চালকপ্ৰধানেও ভার্চুৱেল ব্যৱস্থাৰে বৈঠকত অংশ লয়।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে দিল্লী বিস্ফোৰণত জড়িতসকলক বিচাৰৰ কাঠগড়ালৈ অনা হ’ব আৰু কঠোৰ শাস্তি বিহা হ’ব। নতুন দিল্লীত আজি দিল্লী প্ৰতিৰক্ষা আলোচনাত ভাষণ দি শ্রীসিঙে কয়, যে আগশাৰীৰ তদন্ত সংস্থাসমূহে বিস্ফোৰণৰ ঘটনাৰ পুংখানুপুংখ অনুসন্ধান কৰি আছে। তেওঁ কয়, যে তদন্তৰ তথ্যসমূহ অতি সোনকালে ৰাজহুৱা হ’ব। মন্ত্ৰীগৰাকীয়ে কালিৰ বিস্ফোৰণৰ ঘটনাত মৃত্যু হোৱা সকলৰ পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জনায়।
উল্লেখযোগ্য যে দিল্লীৰ লালকিল্লাৰ সমীপত কালি সন্ধিয়া সংঘটিত এটা শক্তিশালী বোমা বিস্ফোৰণত কমেও ৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২৪ জনৰো অধিক লোক আহত হয়। এখন গাড়ীত সংস্থাপিত এটা বোমা বিস্ফোৰণৰ এই ঘটনা সন্দৰ্ভত অনুসন্ধান চলাই থকা হৈছে বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে প্রকাশ কৰিছে।