বিশ্ব হেপাটাইটিছ দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন কার্যসূচী অনুষ্ঠিত

বিশ্ব হেপাটাইটিছ দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন ভিন কার্যসূচী অনুষ্ঠিত হয়। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত এই দিৱস উপলক্ষে আজি চিকিৎসক আৰু স্বাস্থ্য কৰ্মীসকলৰ মাজত এখনী আলোচনাচক্র অনুষ্ঠিত হয়। আলোচনা কালত আজিৰে পৰা ৫ আগষ্টলৈ জিলাখনৰ প্ৰতিটো স্বাস্থ্য কেন্দ্ৰলৈ চিকিৎসাৰ বাবে অহা ৰোগীসকলক হেপাটাইটিছ ৰোগৰ পৰীক্ষা কৰাৰ লগতে তেওঁলোকৰ মাজত এই ৰোগ সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হ’ব। জিলাখনত বৰ্তমানলৈকে চাৰিগৰাকী হেপাটাইটিছ ৰোগীক চিনাক্ত কৰা হৈছে।
গুৱাহাটী মহানগৰীৰ সাতগাঁৱৰ নগৰীয়া ৰাজ্যিক চিকিৎসালয়ত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ উদ্যোগত বিশ্ব হেপাটাইটিছ দিৱস পালন কৰা হয়। এই উপলক্ষে আয়োজিত সভাত মুখ্য অতিথি হিচাপে অংশ লৈ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মিছন সঞ্চালক ডাঃ লক্ষ্মণন এছে এই দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে।
বজালী জিলাত এই দিৱস উপলক্ষে মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়াৰ কাৰ্যালয়ত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত অংশ লৈ মহকুমা স্বাস্থ্য বিষয়া ডাঃ চক্ৰমাণি শৰ্মাই কয় যে হেপাটাইটিছ বি আৰু চিত আক্রান্ত ৰোগীয়ে শংকিত হোৱাৰ পৰিৱৰ্তে সতর্কতা আৰু সাৱধানতা অৱলম্বন কৰিলে এই ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰিব।