ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বিশ্ব সংস্কৃত দিৱস উপলক্ষে প্রধানমন্ত্ৰী মোদীৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন

বিশ্ব সংস্কৃত দিৱস উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত তেওঁ ভাষাটোৰ প্ৰতি অনুৰাগী, শ্রদ্ধাশীল আৰু এই ভাষাটোৰ প্ৰসাৰৰ হকে কাম কৰি থকা সকলো লোককে অভিনন্দন জ্ঞাপন কৰিছে।
ৰাজ্যৰ বিভিন্ন স্থানতো আজি সংস্কৃত দিৱস উদযাপন কৰা হয়। নলবাৰী সংস্কৃত মহাবিদ্যালয়ত আজি দিনজোৰা কাৰ্যসূচীৰে এই দিৱস উদযাপন কৰা হয়। এই উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সংস্কৃত শ্লোক আবৃত্তি প্ৰতিযোগিতা আৰু মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাত সংস্কৃত মহাবিদ্যালয়ৰ অধ্যক্ষ দীপজ্যোতি বৰপূজাৰীয়ে সভাপতিত্ব কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।