ডাউনলোড
মোবাইল এপ

android apple
signal

June 15, 2025 12:30 PM | Dristripaat

printer

বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপকৰ নতুন পদ সৃষ্টিৰ বাবে কেন্দ্রীয় বিত্ত মন্ত্ৰালয়ৰ অনুদান বিচাৰিবলৈ অধ্যাপক ড° সংগীতা শ‍ইকীয়াইৰ আহ্বান

বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপকৰ নতুন পদ সৃষ্টিৰ বাবে কেন্দ্রীয় বিত্ত মন্ত্ৰালয়ৰ অনুদান বিচাৰিবলৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অনুৰোধ জনাবলৈ বিশ্ববিদ্যালয়খনৰ অসমীয়া বিভাগৰ মুৰবী অধ্যাপক ড° সংগীতা শ‍ইকীয়াই আহ্বান জনাইছে। অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ পাছত এই বিষয়ৰ প্ৰথমখন গৱেষণা পত্ৰৰ প্ৰকাশৰ তত্বাৱধায়ক অধ্যাপক ড০ শ‍ইকীয়া আৰু গৱেষিকা ফেন্সী চুতিয়াৰ কথোপকথনৰ কালিৰ দৃষ্টিপাত অনুষ্ঠানত অধ্যাপকগৰাকীয়ে এই কথা উল্লেখ কৰে। তেওঁ কয় যে অসম চৰকাৰে যোৱা বছৰ বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ সৈতে স্বাক্ষৰ কৰা বুজাবুজিৰ চুক্তি অনুসৰি তিনিজন গৱেষণা সহযোগী আৰু এগৰাকী অতিথি অধ্যাপক বিশ্ববিদ্যালয়খনত নিযুক্তিৰ ব্যৱস্থা কৰা হৈছে। অনুষ্ঠানত ড০ শ‍ইকীয়াই অসমীয়া ভাষাৰ সমৃদ্ধ ইতিহাস আৰু কামৰূপী লিপিৰ স্বকীয়তাৰ বিষয়ে উল্লেখ কৰে। অনুষ্ঠানত গৱেষিকা ছাত্ৰীগৰাকীয়ে অসমীয়া ভাষাত ধ্রুপদী উপাদান এক বিশ্লেষণাত্মক অধ্যয়ন শীৰ্ষক বিষয়ত তেওঁৰ গৱেষণাৰ সময়ত প্ৰাচীন কামৰূপৰ ইতিহাস বিস্তৃত ৰূপত অধ্যয়ন কৰিছিল বুলি মন্তব্য কৰে। সংস্কৃত মূলীয় হ’লেও অসমীয়া ভাষা জনগোষ্ঠীয় বিভিন্ন উপাদানেৰে চহকী বুলি তেওঁ মন্তব্য কৰে।

অধিক পঢ়ক

সকলো চাওক