বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগটো পূৰ্ণাংগ ৰূপ দিয়াত বিশ্ববিদ্যালয় অনুদান আয়োগৰ অনুমোদন

কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ দ্বাৰা প্ৰতিষ্ঠিত দেশৰ অন্যতম সন্মানজনক শিক্ষা প্রতিষ্ঠান শান্তি নিকেতনৰ বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগটো পূৰ্ণাংগ বিভাগৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত বিশ্ববিদ্যালয় অনুদান আয়োগে অনুমোদন জনাইছে। বিশ্বভাৰতী কৰ্তৃপক্ষই কালি আনুষ্ঠানিকভাৱে এই অনুমোদন পত্ৰ লাভ কৰে। বিশ্বভাৰতীৰ তৰফৰ পৰা পূৰ্ণাংগ অসমীয়া বিভাগৰ বাবে যোৱা বছৰৰ ৩ এপ্ৰিলত প্ৰস্তাৱ সম্বলিত বিস্তৃত প্রতিবেদন আয়োগলৈ প্ৰেৰণ কৰা হৈছিল। আয়োগে বিশ্ব ভাৰতীৰ পৰা প্ৰস্তাৱিত ৬টা অধ্যাপক পদৰ বিপৰীতে ৪টা পদত অনুমোদন দিছে। ইয়াৰে ভিতৰত এটা সহযোগী আৰু তিনিটা সহকাৰী অধ্যাপকৰ পদ। কেন্দ্ৰীয় বিত্ত বিভাগে অনুমোদন জনালেই ৰাজ্যখনৰ বাহিৰৰ একমাত্ৰ অসমীয়া ভাষা শিক্ষাৰ বিভাগটো কাৰ্যকৰীভাৱে পূৰ্ণাংগ বিভাগলৈ উন্নীত হ’ব। ধ্রুপদী ভাষাৰ মৰ্যাদা লাভ কৰা অসমীয়া ভাষা-শিক্ষাৰ গৱেষণাৰ এই স্বীকৃতিয়ে ৰাজ্যবাসীক আনন্দিত কৰি তুলিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।