বিশ্ব বক্সিং কাপ ফাইনেলত কৰা অনন্য প্ৰদৰ্শনৰ বাবে ভাৰতীয় খেলুৱৈসকলক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, যে ভাৰতীয় খেলুৱৈসকলে অদম্য প্ৰতিভাৰে ৯টা সোণৰ পদককে ধৰি মুঠ ২০ পদক লাভ কৰিবলৈ সমৰ্থ হ’ল। এই অভিলেখ ভংগকাৰী প্ৰদৰ্শনেৰে দেশৰ বক্সিং খেলুৱৈসকলে দেশক গৌৰৱান্বিত কৰি তুলিলে বুলিও শ্রীমোডীয়ে উল্লেখ কৰে।
Site Admin | November 24, 2025 6:40 PM | Akashvani | Akashvani News | Boxing
বিশ্ব বক্সিং কাপ ফাইনেলত কৰা অনন্য প্ৰদৰ্শনৰ বাবে ভাৰতীয় খেলুৱৈসকলক প্ৰধানমন্ত্ৰী মোডীৰ অভিনন্দন