বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশিপ ২০২৫ত ভাৰতৰ তিনিটা পদক অর্জন

বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশিপ ২০২৫ত ভাৰতে কালি তিনিটা পদক অর্জন কৰিছে। নতুন দিল্লীত অনুষ্ঠিত খেলখনত ভাৰতে এতিয়া লৈকে ৬টা সোণ, সাতটা ৰূপ আৰু ৫টা ব্ৰঞ্জৰ পদকৰে মুঠ ১৮টা পদক লাভ কৰিছে। কালি মহিলা ক্লাব থ্র’ এফ ৫১ ত একতা ভ্যানে আৰু পুৰুষৰ শ্বুট পুট এফ ৫৭ ত সোমন ৰাণাই ৰূপৰ পদক লাভ কৰে। পুৰুষৰ হাই জাম্প টি ৬৪ ত প্রবীণ কুমাৰে ব্ৰঞ্জৰ পদক অৰ্জন কৰে। জাপানৰ কোবেত অনুষ্ঠিত এই প্রতিযোগিতাৰ পূৰ্বৰ সংস্কৰণত ভাৰতে ৬টা স্বর্ণ, ৫টা ৰূপ আৰু ৬টা ব্ৰঞ্জৰ পদকেৰে মুঠ ১৭টা পদক লাভ কৰিছিল। বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপৰ দ্বাদশ সংস্কৰণত ১০৪খন দেশৰ দুহাজাৰৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। ভাৰতৰ ৭৩ জনীয়া দলটোত ৫৪ জন পুৰুষ আৰু ১৯ গৰাকী মহিলা আছে। আজি প্ৰতিযোগিতাৰ সামৰণি পৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।