প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি বিশ্ব পেৰা এথলেটিকচ চেম্পিয়নশ্বিপত ঐতিহাসিক প্রদর্শন আগবঢ়াই দেশলৈ গৌৰৱ কঢ়িয়াই অনা ভাৰতীয় দলটোৰ প্ৰশংসা কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে শ্রী মোদীয়ে ৬টা সোণৰ পদকৰ সৈতে সর্বমুঠ ২২টা পদক লাভ কৰা ভাৰতীয় দলটোৰ খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰি কয় যে খেলুৱৈসকলৰ এই সাফল্যই দেশবাসীক অনুপ্রাণিত কৰিছে। দেশবাসীয়ে লগতে খেলুৱৈসকলৰ পৰা ভৱিষ্যতেও এনে সফলতা আশা কৰে বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে বার্তাটোত উল্লেখ কৰিছে। প্রতিযোগিতাখন নতুন দিল্লীত অনুষ্ঠিত কৰাটোও দেশৰ বাবে আন এটা গৌৰৱৰ বিষয় বুলি উল্লেখ কৰি তেওঁ প্রতিযোগিতাত অংশ লোৱা বিশ্বৰ শতাধিক দেশৰ এথলিটসকলৰ লগতে অন্যান্য সদস্য সকলকো কৃতজ্ঞতা জ্ঞাপন কৰে।
Site Admin | October 6, 2025 8:57 PM | World Para Athletics Championships
বিশ্ব পেৰা এথলেটিকছত কৰা সফলতাত ভাৰতীয় দলটোক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা