আমিনগাঁৱত চলি থকা ডব্লিঅ এফ বিশ্ব জুনিয়ৰ বেডমিন্টন ছেম্পিয়নশ্বিপৰ দলীয় শাখাৰ আজি ফাইনেল খেলত ইণ্ডোনেছিয়াক ২-০ পোনপটীয়া ছেটত হৰুৱাই চীনে নতুন চেম্পিয়নৰ খিতাপ দখল কৰে। ভাৰতে প্ৰথমবাৰৰ বাবে ডব্লিঅ’ এফ বিশ্ব জুনিয়ৰ বেডমিন্টন ছেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰি ব্ৰঞ্জৰ পদক লাভ কৰে। খেলৰ অন্তত বেডমিন্টন ফেডাৰেছন অৱ ইণ্ডিয়াৰ সভাপতি তথা অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ছেম্পিয়ন দল চীনক বঁটা প্ৰদান কৰে। বঁটা প্ৰদানৰ অন্তত মুখ্যমন্ত্রী ৬০ হিমন্ত বিশ্ব শৰ্মাই কয় যে বিশ্বৰ ভিন্ন দেশৰ ছাটলাৰ অসমলৈ আহি প্রতিযোগিতাত ভাগ লোৱাটো অসমৰ বাবে এক আশাপ্রদ হ’ব।
Site Admin | October 11, 2025 7:55 PM | China Champion
বিশ্ব জুনিয়ৰ বেডমিন্টন চেম্পিয়নশ্বিপত চীনৰ খিতাপ দখল