January 11, 2026 12:15 PM | Charideo

printer

বিশ্ব ঐতিহ্যক্ষেত্র চৰাইদেউ মৈদাম ক্ষেত্রত অনুষ্ঠিত চৰাইদেউ মহোৎসৱৰ আজি সামৰণি

বিশ্ব ঐতিহ্যক্ষেত্র চৰাইদেউ মৈদাম ক্ষেত্রত পর্যটন বিভাগৰ উদ্যোগত আৰু চৰাইদেউবাসীৰ সহযোগত শুকুৰবাৰৰ পৰা তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত চৰাইদেউ মহোৎসৱৰ আজি সামৰণি পৰিব। এই মহোৎসৱ উপলক্ষে অঞ্চলটোত বহু দেশী-বিদেশী পর্যটকৰ সমাগম হৈছে। কালি দ্বিতীয় দিনা প্রতিকী ৰূপত স্বৰ্গদেউৰ শোভাযাত্রা আৰু ৰাজসভা অনুষ্ঠিত হয়। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত আয়োজিত এই মহোৎসৱৰ কালি শোভাযাত্রাই সকলোকে আপ্লুত কৰে। সহস্রাধিক লোকৰ উপস্থিতিত চৰাইদেউত প্রতিকী ৰাজসভা অনুষ্ঠিত হয়। টাই আহোমসকলৰ পৰম্পৰাগত ৰীতি নীতিৰে স্বৰ্গদেউক আদৰণি জনোৱা হয়।

উল্লেখযোগ্য যে, চৰাইদেৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মর্যাদা লাভ কৰাৰ পাছত এই মহোৎসৱে অঞ্চলটোৰ পর্যটন আৰু সংস্কৃতিৰ ক্ষেত্রলৈ নতুন সম্ভাবনা কঢ়িয়াই আনিছে। তিনিদিনীয়া বর্ণাঢ্য কার্যসূচীৰে আয়োজিত চৰাইদেউ মহোৎসৱ এইবাৰ এখন বৃহৎ আকাৰৰ কেনভাছে আকর্ষণীয় কৰি তুলিছে। কেনভাছখনত চীনৰ য়ুন্নান প্ৰদেশৰ মাউলুঙৰ পৰা সুদূৰ পাটকাই পর্বত অতিক্রমী চাউলুং চ্যুকাফাৰ অসম আগমণৰ ছবি শিল্পীৰ তুলিকাত প্রাণ পাই উঠিছে।