November 30, 2025 8:09 PM | World AIDS Day 2025

printer

বিশ্ব এইডছ দিৱস উপলক্ষে দেশজুৰি সজাগতা অভিযান

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই কাইলৈ বিশ্ব এইডছ দিৱসৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানৰ নেতৃত্ব দিব। এইচ আই ভি প্ৰতিৰোধৰ লগতে চিকিৎসা, যত্ন আৰু কলংক নির্মূলৰ ক্ষেত্ৰত চৰকাৰৰ প্রতিশ্রুতিবদ্ধতাক দোহৰাৰা উদ্দেশ্যেই এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানে চৰকাৰী নেতা, বিভিন্ন অংশীদাৰ, যুব প্রতিনিধি, এইচ আই ভি আক্রান্ত লোক আৰু আগশাৰীৰ চিকিৎসা কর্মীসকলক একত্ৰিত কৰিব। ইয়াৰ জৰিয়তে জনস্বাস্থ্যৰ প্ৰতি প্ৰত্যাহ্বান স্বৰূপ এইডছ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত দেশৰ একত্ৰিত প্ৰচেষ্টা প্রতিফলিত হ’ব। এই অনুষ্ঠানতে ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্রণ সংস্থাৰ এলানি নতুন ভিডিঅ’ সজাগতা অভিযানৰ আৰম্ভ কৰা হয়। এই অনুষ্ঠানত সংগীতানুষ্ঠানৰ লগতে পৰীক্ষা, চিকিৎসা আৰু বিশ্বাসেৰে জীয়াই থকাক বিষয়বস্তু হিচাপে লৈ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়।