বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপত ভাৰতৰ ১২ জনীয়া দলৰ অংশগ্ৰহণ

দক্ষিণ কোৰিয়াৰ গুৱাংজুত আজিৰে পৰা হ’বলগীয়া বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপত ভাৰতৰ এটা ১২ জনীয়া দলে অংশ ল’ব। প্ৰতিযোগিতাখনৰ বিগত সংস্কৰণত ৩টা সোণ আৰু এটা ব্ৰঞ্জৰ পদকেৰে শীৰ্ষত থকা ভাৰতে এই সাফল্যৰ পুনৰাবৃত্তি কৰাৰ লক্ষ্যৰে অৱতীৰ্ণ হ’ব। অৱশ্যে যোৱাবাৰৰ চেম্পিয়ন অ’জাছ দেওতালে আৰু অদিতী গোপীচান্দ স্বামী দলৰ বাবে কোৱালিফাই নোহোৱাত এইবাৰৰ প্ৰতিযোগিতাত ভাগ ল’ব নোৱাৰে। উল্লেখযোগ্য যে ৰিকাৰ্ভ আৰ্চাৰীত ভাৰতে এতিয়ালৈকে সোণৰ পদক জয় কৰা নাই। এইবাৰো পুনৰ দিপিকা কুমাৰী আৰু ধীৰাজ বোম্মাদেৱাৰাই সোণৰ পদক জয়ৰ চেষ্টা চলাব। এইবাৰ পুৰুষৰ ৰিকাৰ্ভ দলৰ পৰা তৰুণদীপ ৰায় আৰু অতনু দাসৰ দৰে অভিজ্ঞ খেলুৱৈ বাহিৰ হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।