ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বিশ্বৰ পাঁচটা সৰ্ববৃহৎ কয়লাখনিৰ ভিতৰত দুটা ভাৰতত অৱস্থিত

কয়লা মন্ত্ৰ্যালয়ে কৈছে যে বিশ্বৰ পাঁচটা সৰ্ববৃহৎ কয়লাখনিৰ ভিতৰত দুটা ভাৰতত অৱস্থিত। চত্তীছগড়স্থিত গেৱৰা আৰু কুচ্ছমুণ্ডা খনি বিশ্বৰ সৰ্ববৃহৎ কয়লাখনিৰ ভিতৰত দ্বিতীয় আৰু চতুর্থ স্থানত আছে। এই খনি দুটা ক’ল ইণ্ডিয়াৰ সহায়ক কোম্পানী ছাউথ ইষ্টার্ন ক’লফিল্ডছ লিমিটেডৰ। ৱৰ্ল্ড এটলাষ্ট ডট কমে এই তালিকা প্রকাশ কৰিছে।