বিশ্বৰ কণিষ্ঠ পৰ্বতাৰোহী হিচাপে বিশ্ব ৰেকৰ্ড পাঞ্জাবৰ ছবছৰীয়া শিশু টেগবীৰ সিঙৰ

পাঞ্জাবৰ ছবছৰীয়া শিশু টেগবীৰ সিঙে মাউণ্ট এলব্রুছ আৰোহন কৰি বিশ্বৰ কণিষ্ঠ পৰ্বতাৰোহী হিচাপে বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে। ১৮ হাজাৰ ৫১০ ফুট উচ্চতাৰে মাউণ্ট এলক্ট্ৰছ হৈছে ৰাছিয়া আৰু ইউৰোপৰ সৰ্বোচ্চ পৰ্বত। টেগবীৰে তেওঁৰ পিতৃ সুখিন্দ দীপ সিঙৰ সৈতে যোৱা ২০ জুন তাৰিখে এই যাত্ৰা আৰম্ভ কৰিছিল আৰু ২৮ জুন তাৰিখে এলব্রুছ পৰ্বতৰ শিখৰ চুবলৈ সক্ষম হৈছিল। ৰাছিয়াৰ কবাৰদিনো, বালকেৰিয়ান ৰিপাবলিকৰ ফালৰ পৰা টেগবীৰ সিঙে মাউণ্টেনিয়াৰিং, ক্লাইম্বিং আৰু স্পোর্টছ টুৰিজিম ফেডাৰেশ্বনৰ ফালৰ পৰা এই অভিলেখ গঢ়াৰ বাবে প্ৰমাণ পত্ৰ লাভ কৰিবলৈ সক্ষম হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।