December 25, 2025 7:39 PM | Merry Christmas

printer

বিশ্বৰ আন আন প্ৰান্তৰ লগতে ৰাজ্যৰ গীর্জাসমূহত বৰদিন পালন

আজি পৱিত্ৰ বৰদিন। এই উপলক্ষে বিশ্বৰ আন আন প্ৰান্তৰ লগতে ৰাজ্যৰ গীর্জাসমূহত অগণন লোকৰ সমাগম পৰিলক্ষিত হয়। আজি পুৱাৰ ভাগত বৰদিন উপলক্ষে সমূহীয়া প্ৰাৰ্থনা, আলোচনা সভা আদি অনুষ্ঠিত হয়। আলোকসজ্জা, খ্রীষ্টমাছ ট্রী, ৰং-বিৰঙী ফুল, তৰা আদিৰে গীৰ্জাৰ লগতে খ্ৰীষ্টধর্মী লোকসকলৰ বাসগৃহসমূহ সজাই তোলা হয়। খ্রীষ্টধর্মী লোকসকলে কালি মাজনিশাৰে পৰা পৱিত্ৰ বৰদিন উপলক্ষে সমূহীয়া প্ৰাৰ্থনা কৰে। গুৱাহাটী মহানগৰীৰ পাণবজাৰৰ ব্যাপ্তিষ্ট চার্চ, পাণবজাৰৰ ডনবস্ক’, খ্রীষ্টানবস্তি, সোণাইঘূলিকে ধৰি বিভিন্ন স্থানৰ গীর্জাসমূহ কেৰলৰ ধ্বনিৰে মুখৰিত হৈ উঠে।
উত্তৰ-পূব ভাৰতৰ প্ৰথম গীর্জা ঘৰ হিচাপে পৰিচিত শিৱসাগৰ জিলাৰ ব্যাপ্টিষ্ট মণ্ডলীৰ গীৰ্জাঘৰত বৰদিনৰ আয়োজন কৰা হয়। বৰপুখুৰীৰ পাৰত অৱস্থিত এই গীৰ্জাঘৰত শিৱসাগৰ জিলাৰ খ্ৰীষ্টীয় সমাজে সদ্যপ্রয়াত জনপ্রিয় শিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত গভীৰভাৱে শোকাহত হৈ বৰদিন উদযাপন নকৰাৰ সিদ্ধান্ত লৈছিল। সেই সিদ্ধান্ত অনুসৰি বৰদিন উপলক্ষে এই বছৰ শিৱসাগৰ খ্ৰীষ্টীয় সমাজে আলোকসজ্জা, প্রীতিভোজ আৰু অন্যান্য কাৰ্যসূচী বাতিল কৰে।
ৰাজ্যৰ প্ৰথম পৰিষ্কাৰ আৰু স্বচ্ছ গাঁও হিচাপে পৰিচিত গোৱালপাৰা জিলাৰ ৰাংচাপাৰা গাঁওখনক বিভিন্ন আলোকসজ্জাৰে সজাই তোলাৰ লগতে খ্ৰীষ্টধর্মী লোকসকলে ঘৰে ঘৰে বিভিন্ন খাদ্য প্ৰস্তুত কৰে। গোৱালপাৰা নগৰৰ বাপুজী নগৰত থকা একমাত্র গীৰ্জাঘৰতো বৰদিন পালন কৰা হয়। তদুপৰি অসম-মেঘালয় সীমান্তৰ খ্ৰীষ্টধর্মী গাৰো সম্প্ৰদায়ৰ লোকসকলেও বৰদিন পালন কৰে।
শিলচৰৰ গীৰ্জাঘৰসমূহতো বৰদিন উদযাপন কৰা হয়। বিশ্বনাথ জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে গহপুৰ সম-জিলাতো খ্রীষ্টধর্মী লোকসকলে উলহ-মালহেৰে বৰদিন উদযাপন কৰে। খ্ৰীষ্টমাষ্ট ট্ৰী, বেটাৰী চালিত চাণ্টা ক্লজ, ৰং-বিৰঙী আলোকসজ্জাৰে বিপণীসমূহ ভৰি পৰা পৰিলক্ষিত হয়। অসম-অৰুণাচল সীমান্তৱৰ্তী হোলেঙ্গীৰ মিলনপুৰতো বৰদিন পালন কৰা হয়। বৰদিনৰ কাৰ্যসূচীত অৰুণাচল প্ৰদেশৰো বহু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক সমবেত হোৱা পৰিলক্ষিত হয়।
চিৰাং জিলাৰ গীৰ্জাঘৰসমূহত বৰদিন উপলক্ষে উলহ-মালহ পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হয়। জিলাখনৰ চাপাগুৰি, বেংতল, বামুণগাঁও, টুক্ৰাঝাৰ, বাসুগাঁও, বল্লামগুৰি আদি স্থানৰ গীৰ্জাঘৰসমূহত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে সমূহীয়া প্ৰাৰ্থনা কৰে।
কোকৰাঝাৰ জিলাতো উৎসাহ-উদ্দীপনা আৰু ভক্তি সহকাৰে খ্ৰীষ্টধর্মী লোকসকলে বৰদিন পালন কৰিছে। ওদালগুৰি জিলাত বৰদিন উপলক্ষে গীর্জাসমূহ সজাই-পৰাই তোলা হয়।
বৰদিন উপলক্ষে উত্তৰ-পূবৰ অনান্য ৰাজ্যকেইখন বিশেষকৈ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৰাজধানী শ্বিলং নগৰী আটক ধুনীয়াকৈ সজাই তোলা পৰিলক্ষিত হয়। প্রায় এসপ্তাহ পূৰ্বৰে পৰা নগৰখনত বৰদিনক লৈ ব্যস্ততা বিৰাজমান হৈছে। কালি সন্ধিয়াৰে পৰা বৰদিনৰ প্ৰাৰ্থনাৰ বাবে শ্বিলঙৰ গীৰ্জাঘৰলৈ বহু লোকৰ আগমন হয়। বৰদিনৰ আনন্দ উপভোগৰ বাবে শ্বিলঙলৈ দেশ-বিদেশৰ বহু পৰ্যটকৰ আগমনো পৰিলক্ষিত হয়।
ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পবিত্ৰ বৰদিন উপলক্ষে ৰাজ্যৰ সকলো জনসাধাৰণ বিশেষকৈ খ্ৰীষ্টধর্মী লোকসকলক ওলগ জনাই কয়, যে যীশুখ্ৰীষ্টৰ জন্মদিন উপলক্ষে আয়োজিত এই উৎসৱে আমাক দয়া, কৰুণা আৰু নিস্বাৰ্থ সেৱাৰ অমূল্য – প্ৰমূল্যৰাজিৰ বিষয়ে সোঁৱৰাই দিয়ে। ৰাজ্যপালগৰাকীয়ে লগতে সদিচ্চা আৰু সম্প্ৰীতিৰ এনাজৰী সুদৃঢ় কৰি এই উৎসৱ পালন কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায় ৷
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বৰদিন উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ লগতে প্ৰভু যীশুৰ আশীর্বাদে সমাজৰ পৰা অপশক্তি নাশ কৰি শান্তি-সম্প্ৰীতি আৰু ভাতৃত্ব বোধৰ এনাজৰী সুদৃঢ় কৰিব বুলি আশা প্ৰকাশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।