ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে ৰাজ্যজুৰি আজি বৰ্ণাঢ্য কাৰ্যসূচী

■ বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে ৰাজ্যজুৰি আজি বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মানৱতা আৰু সমন্বয়ৰ বাৰ্তাৰে বিশ্বৰ বুকুত সাঁচ ৰাখি থৈ যোৱা গণ শিল্পীগৰাকীৰ জন্মদিনত আজি শদিয়াৰ পৰা ধুবুৰীলৈ তেওঁৰ প্ৰতি শ্ৰদ্ধা জনোৱা হৈছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি জালুকবাৰীৰ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত স্মৃতি তৰ্পন আৰু সাংস্কৃতিক অনুষ্ঠানেৰে সুধাকণ্ঠৰ জন্মশতবাৰ্ষিকীৰ উদ্বোধন কৰা হয়।

অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণত ড০ ভূপেন হাজৰিকাৰ গীতসমূহ যথাৰ্থতে সমাজৰ নিপীড়িতসকলৰ আশা-আকাংশা আৰু সাধাৰণৰ মানুহৰ সপোনৰ বাহক আছিল বুলি উল্লেখ কৰে। মানৱীয় প্ৰমূল্যৰে মহা অনুষ্ঠান সদৃশ ব্যক্তিত্বৰে ভূপেন হাজৰিকাই তেখেতৰ কৰ্মৰাজীৰ জৰিয়তে অসম ভূমিক বিশ্বৰ বুকুলৈ কঢ়িয়াই নিয়াৰ উপৰি নতুন পৰিচয়ো গঢ়ি তুলিছিল বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
অসম সাহিত্য সভাই শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে স্বীকৃতিপ্রাপ্ত ৩৩খন জিলা সাহিত্য সভা আৰু ১০০০খন শাখা সাহিত্য সভাৰ জৰিয়তে আজিৰেপৰা ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰিছে। ইয়াৰ উপৰি দেশে-বিদেশে থকা শাখা সাহিত্য সভাসমূহৰ উদ্যোগতো কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে।
গুৱাহাটী মহানগৰীতো শিল্পীগৰাকীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি কালিৰেপৰা বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সদৌ অসম ছাত্ৰ সন্থাই সুধাকণ্ঠৰ জন্ম শতবার্ষিকী উপলক্ষে বছৰজুৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে। এই উপলক্ষে গুৱাহাটী মহানগৰীৰ দীঘলী পুখুৰীৰ পাৰত আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। তেজপুৰত আজি মানুহে মানুহৰ বাবে শীৰ্ষক গীতেৰে মানৱ শৃংখল আৰু শতাব্দীৰ সুবাস শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
মঙলদৈত আজি শিল্পীগৰাকীৰ জন্ম দিন উপলক্ষে চাৰি শতাধিক নবীন-প্রবীণ আবৃত্তিকাৰে মৃত্যু জিনাৰ গান কবিতাটি আবৃত্তি কৰিব। গোৱালপাৰা মহাবিদ্যালয়ত আজি ডেৰ শতাধিক আবৃত্তিকাৰে ‘মৃত্যু জিনাৰ গান’ কবিতাটি পৰিবেশন কৰিব। কামৰূপ জিলাত এই উপলক্ষে মানৱ শৃংখল আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।