ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বিশ্ববন্দিত শিল্পী ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে অসমৰ প্ৰান্তে প্রান্তে বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন

বিশ্ববন্দিত শিল্পী ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে আজি অসমৰ প্ৰান্তে প্রান্তে বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। গীতেৰে সমাজত মানৱতা আৰু সমন্বয়ৰ বাৰ্তা বিলাই বিশ্বৰ বুকুত উজ্বল নিদৰ্শন ৰাখি যোৱা গণ শিল্পীগৰাকীৰ জন্মদিনত আজি অসমবাসীয়ে ৰাজ্যৰ অঞ্চলে অঞ্চলে শ্রদ্ধা জ্ঞাপন কৰিছে। তদুপৰি দেশৰ অন্যান্য ৰাজ্য আৰু বিদেশতো শিল্পীগৰাকীৰ সোঁৱৰণত অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি জালুকবাৰীৰ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত স্মৃতি তৰ্পন আৰু সাংস্কৃতিক অনুষ্ঠানেৰে সুধাকণ্ঠৰ জন্ম শতবার্ষিকীৰ উদ্বোধন কৰা হয়। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে।
শ্রীলংকাত থকা ভাৰতীয় উচ্চ আয়োগৰ সাংস্কৃতিক শাখাই বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। এই উপলক্ষে ভাৰতৰ উচ্চায়ুক্ত সন্তোষ ঝাই মানুহে মানুহৰ বাবে শীৰ্ষক গীতটিৰ সিংহলী আৰু তামিল সংস্কৰণ মুকলি কৰে।
অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে অহা ১৩ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ৰাজ্যবাসীয়ে পুনৰ সুধাকণ্ঠলৈ শ্রদ্ধা নিবেদন কৰিব বুলি উল্লেখ কৰে। এই অনুষ্ঠানতে শ্রীমোদীয়ে শিল্পীগৰাকীৰ স্মৃতিত শ্রদ্ধা জনাই ভাৰতীয় ৰিজাৰ্ভ বেংকে প্রস্তুত কৰা এটা বিশেষ মুদ্ৰা উন্মোচন কৰিব বুলি জানিবলৈ দিয়ে। তদুপৰি বৰেণ্য শিল্পীগৰাকীৰ জীৱন সম্বলিত এখন গ্রন্থও প্রধানমন্ত্ৰীয়ে উন্মোচন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ সৈতে সংগতি ৰাখি অৰুণাচল প্ৰদেশ, মেঘালয়, মুম্বাই আৰু নতুন দিল্লীত ৰাজ্য চৰকাৰে অনুষ্ঠানৰ আয়োজন কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। নতুন দিল্লীৰ অসম ভৱনতো আজি সুধাকণ্ঠৰ স্মৃতিত শ্রদ্ধা জ্ঞাপন কৰি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।